Death of a buffalo: এটা ম’হৰ মৃত্যুৰ ২৮ বছৰৰ অন্তত ৮৩ বছৰীয়া বৃদ্ধলৈ গ্ৰেপ্তাৰৰ জাননী

নেশ্যনেল ডেস্ক, ২৯ জুন: অচ্চন নামৰ চালকজলে বাছখনক নিয়ন্ত্ৰণত ৰাখি চলাই থকাৰ সময়তে তেওঁৰ বাছখনে সন্মুখৰ আন এখন বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল । দুৰ্ঘটনাটোৰ ফলত সেই স্থানত এটা ম’হৰো মৃত্যু হৈছিল। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বাছখন জিম্মাত লোৱাৰ লগতে এটা গোচৰো ৰুজু কৰিছিল । চালক অচ্চনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ ফৰিদপুৰ থানাত আই পি চিৰ অধীনত ২৬৪/৯৫, ২৭৯, ৩৩৭, ৩৩৮ ধাৰাৰে এটা গোচৰ ৰুজু কৰে আৰু পিছদিনা পুৱা আৰক্ষীয়ে অচ্চনৰ লগতে চালানখন আদালতলৈ প্ৰেৰণ কৰে ।
সেই সময়ত এই গোচৰটোৰ বিপৰীতে চালক অচ্চনক জামিনত এৰি দিয়াৰ লগতে বাছখনো মুকলি কৰি দিয়া হয় । ইয়াৰ পিছত তেওঁ কেতিয়াও আদালতত হাজিৰ হ’ব লগা হোৱা নাছিল । তাৰোপৰি তেওঁৰ ওচৰলৈ কোনো ৱাৰেণ্ট যোৱা নাছিল । এই গোচৰটোক লৈ বিচাৰ চলি আছিল নে নাই তাকো তেওঁ নাজানিছিল ।
পৰৱৰ্তী সময়ত অচ্চনে প্ৰায় ২০ বছৰ পূৰ্বে অৱসৰো গ্ৰহণ কৰে । শেহতীয়াকৈ যোৱা ২১ জুনত হঠাতে আৰক্ষীৰ লোক তেওঁৰ ঘৰত উপস্থিত হৈ বৰেলীৰ ফৰিদপুৰৰ সেই গোচৰটোৰ হৈ জাৰি হোৱা গ্ৰেপ্তাৰী পৰোৱানাৰ বিষয়ে অৱগত কৰাত তেওঁৰ ভৰিৰ তলৰ মাটি খহি পৰিল (Arrest warrant for death of a buffalo) ।

গ্ৰেপ্তাৰী পৰোৱানাৰ কথা শুনি অসুস্থ অচ্চনে হুক হুকাই কান্দিবলৈ আৰম্ভ কৰে (Old man receives arrest warrant) । ইফালে অচ্চনক ৰোগীয়া অৱস্থাত দেখি আৰক্ষীও বিমোৰত পৰিল । তেনে অৱস্থাত কি কৰিলে উচিত হ’ব তাক লৈ চিন্তিত হ’ল আৰক্ষীও । এই অৱস্থাত গ্ৰেপ্তাৰ কৰিলে যদি অচ্চনৰ কিবা অঘটন হয় তেন্তে তাৰ উত্তৰ আৰক্ষীয়ে কি দিব ! সেয়েহে অচ্চনক আদালতত হাজিৰ হ’বলৈ কৈ আৰক্ষীৰ দলটো ওভতি যায় ।
বৰেলীৰ ফৰিদপুৰ আৰক্ষী থানাৰ পৰিদৰ্শক বিজয় পালে জনোৱা অনুসৰি, এইটো এটা অতি পুৰণি গোচৰ । ন্যায়িক দণ্ডাধীশৰ আদালতে লোকজনৰ বিৰুদ্ধে এখন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আৰু আমি এই নিৰ্দেশনা মানি আগ বাঢ়িছো । কিন্তু ৱাৰেণ্টখন দেখা মাত্ৰেই বৃদ্ধ লোকজনে কান্দিবলৈ আৰম্ভ কৰে । অভিযুক্তৰ অৱস্থা দেখি আমাৰ দলে তেওক আদালতত হাজিৰ হ’বলৈ পৰামৰ্শ দি ঘূৰি আহে । ইয়াৰ পৰৱৰ্তী শুনানি অহা ১৭ জুলাইত হ’ব । সেয়েহে সেইদিনা অভিযুক্তক আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে ।
ইফালে অচ্চনে কান্দি কান্দি ক’লে যে, পাৰালাইচিচৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে তেও খোজ কাঢ়িব নোৱাৰে । তেওঁ বিচাৰে আদালতে যেন বহু পুৰণি গোচৰৰ এই বিষয়টো বন্ধ কৰি দিয়ে । এতিয়া এই বিষয়টোক লৈ ৰোডৱেজৰ পৰাও তেওঁ সহায় বিচাৰিছে।
লগতে পঢ়ক: Rahul Gandhi Visit in Manipur : ইম্ফলৰ পৰা ২০ কিলোমিটাৰ আঁতৰতে আৰক্ষীয়ে ৰখাই দিলে ৰাহুল গান্ধীৰ কনভয়