WATCH | African swine fever : মঙলদৈত আফ্ৰিকান ছোৱাইন ফিভাৰ চিনাক্ত
মঙলদৈ,১১জুন : মঙলদৈত আফ্ৰিকান ছোৱাইন ফিভাৰ চিনাক্ত। প্ৰায় ১৩০ টাকৈ গাহৰি নিধন কৰিলে পশু চিকিৎসা বিভাগে।
মঙলদৈ কমাৰপাৰা গাঁৱৰ ৫ গৰাকী গাহৰি পালকৰ ফাৰ্মত ধৰা পৰে এই বেমাৰ(African swine fever)।
গাহৰি পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা দিপক চহৰীয়া,জগত ডেকা, দুৰ্লভ ডেকা,ভৱেন ডেকা আৰু হৃদয়ানন্দ ডেকাৰ গাহৰি ফাৰ্মত হোৱা ছোৱাইন ফেভাৰত প্ৰায় ১৩০ টা গাহৰি পশু চিকিৎসকে নিধন কৰিলে।তাৰে ভিতৰত ৪০ টাকৈ গাহৰি গৰ্ভৱতী আছিল।
আটাইকেইজন গাহৰি পালকে এতিয়া মুৰে কপালে হাত দিছে । পশু চিকিৎসা বিভাগৰ পৰা উপযুক্ত ক্ষতি পুৰনৰ ব্যৱস্থা গ্ৰহণ আৰু গাহৰিক আগতীয়াকৈ ভেকচিন প্ৰদান কৰিবলৈ আহ্বান জনালে গাহৰি পালক সকলে।
লগতে পঢ়ক : WATCH | Massive fire breaks out: নলবাৰীৰ জাগাৰাত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা