Local, Vocal, Global

Advantage Assam 2.O: অহা ২৪-২৫ ফেব্ৰুৱাৰীত অসমত হ’ব Advantage Assam 2.O

নিউজ ডেস্ক,২৪নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব Advantage Assam 2.O।

অহা ২৪-২৫ ফেব্ৰুৱাৰীত অসমত হ’ব এই কাৰ্যসূচী। এই সন্মিলত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়েও অংশ ল’ব এই সন্মিলনত। দুদিনীয়াকৈ অনুষ্ঠিত হ’ব এই সন্মিলন। সামৰণি অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আমন্ত্ৰণ জনোৱা হ’ব ।লোকসেৱা ভৱনত আজি অনুষ্ঠিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Advantage Assam 2.O)।

অসমত ৰাজ্য চৰকাৰে এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ আয়োজনৰ বাবে প্ৰস্তুতি চলাই আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

লগতে পঢ়ক:Bilasipara News: অচিনাকী ব্যক্তিৰ লগত বন্ধুত্ব গঢ়ি বিপদত বিলাসীপাৰাৰ যুৱক