Local, Vocal, Global

WATCH | ADVANTAGE ASSAM 2.0: কোটি কোটি টকা খৰচ কৰি অসম চৰাকাৰে আয়োজন কৰা এডভাণ্টেজ আছামত ২.০ জড়িয়তে ৰাজ্যবাসীৰ কি লাভালাভ হ’ল

নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : অসমত বিনিয়োগৰ জোৱাৰ উঠিছে। একেখন ৰভা তলত একলগ হ’ল ৬০খনৰো অধিক দেশৰ ৰাষ্ট্ৰদূত।

মুখ্যমন্ত্ৰীৰ প্ৰসংশাত পঞ্চমুখ বিনিয়োগকাৰী সকল। কোটি কোটি টকা খৰচ কৰি অসম চৰাকাৰে আয়োজন কৰা এডভাণ্টেজ আছামত ২.০ জড়িয়তে ৰাজ্যবাসীৰ কি লাভালাভ হল । দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট উদ্যোগপতি সকল অনাগত দিনত অসমত কেনেদৰে বিনিয়োগ কৰিব( ADVANTAGE ASSAM 2.0)।

কিমান কোটি টকা বিনিয়োগ কৰিব ? দেশৰ প্ৰধানমন্ত্ৰী মোডীৰ আগত গৌতম আদানী,মুকেশ আম্বানী, টাটা গ্ৰপেই লৈ আহিছে টকাৰ টোপোলা।

মোদীৰ তৃতীয়টো মাষ্টাৰ ষ্ট্ৰোক হৈছে বৈদেশিক পৰিক্ৰমাৰ নতুন দিগন্ত। এডভাণ্টেজ আছামত একেটা মণ্ডপত একেখন ৰভাত তলত একলগ হ’ল ৬০খনৰো অধিক দেশৰ ৰাষ্ট্ৰদূত আৰু চৰকাৰী প্ৰতিনিধি। কোনো এটা কাৰ্যসূচীত বিশ্বৰ ৬০ খনৰো অধিক দেশ একেলগে এখন মঞ্চত সমবেত হোৱাটো নিতান্তই এক বৃহৎ সাফল্য।

এডভাণ্টেজ আছাম ২.০ৰ লক্ষ্যও হৈছে অসমক বিশ্ববাসীৰ সন্মুখত এক সুৰক্ষিত বিনিয়োগ আৰু পৰ্যটন স্থলৰূপে প্ৰমাণ কৰা। এই লক্ষ্যৰেই কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত ৬০ৰো অধিক বিদেশী ৰাষ্ট্ৰদূত আৰু চৰকাৰী প্ৰতিনিধি আহিছে অসমলৈ।

অসমৰ সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতি প্ৰত্যক্ষভাৱে দেখুৱাবলৈ পোনে পোনে যোৰহাটলৈ নি তাৰ পৰা কাজিৰঙা পোৱাইছিল ৰাষ্ট্ৰদূতসকলক। কাজিৰঙা পৰিদৰ্শন কৰোৱাই গুৱাহাটীত দেখুওৱা হৈছিল বাৰে ৰহণীয়া ঝুমুৰ নৃত্য। বহু ৰাষ্ট্ৰদূতে নিজৰ পৰিয়াল সহিতে আহি চাইছে অসম। মা কামাখ্যাৰ আশিস লৈছে ৰাষ্ট্ৰদূত আৰু বিদেশী চৰকাৰী প্ৰতিনিধিসকলে।

এডভাণ্টেজ আছামতো ভাৰতৰ আটাইকেইগৰাকী শীৰ্ষ উদ্যোগপতিয়েও অসম আৰু মোদীৰ যিদৰে প্ৰশংসা কৰিলে সেয়া বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সন্মুখত দিব ইতিবাচক ছবি। ইমানেই নহয়, অসমৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ইতিমধ্যে অষ্ট্ৰেলিয়াৰ দৰে ৰাষ্ট্ৰই অসমৰ বাবে থকা ভ্ৰমণ পৰামৰ্শাৱলী শিথিল কৰি দিছে। এডভাণ্টেজ আছামৰ এই সাফল্যৰ আঁৰতেই আছে মোদীৰ এই তিনিটা মাষ্টাৰ ষ্ট্ৰোক।

লগতে পঢ়ক:Maha Shivratri : আজি মহা শিৱৰাত্ৰি