Local, Vocal, Global

ADVANTAGE ASSAM 2.0: বিজেপিৰ শাসনকালৰ ৬ বছৰত ৩ লাখ কোটি অৰ্থনীতি বৃদ্ধি হৈছে অসমত

নিউজ ডেস্ক,২৫ফেব্ৰুৱাৰী : আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাত এডভাণ্টেজ আছাম 2.0। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ। প্ৰধানমন্ত্ৰীক গামোচা, গঁড়ৰ প্ৰতীকী স্মাৰক আৰু কামাখ্যা মন্দিৰৰ স্মাৰকেৰে আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই(ADVANTAGE ASSAM 2.0 )।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰি গুণত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।প্ৰধানমন্ত্ৰী কয়, ‘‘উত্তৰ-পূব ভাৰতে এক নতুন আৰম্ভণি কৰিবলৈ গৈছে। এডভাণ্টেজ আছাম ২.০ এক মহান অভিযান। বিকশিত ভাৰতৰ দিশত উত্তৰ-পূবে নিজৰ সক্ষমতা দেখুৱাবলৈ গৈছে। এতিয়া বৰ্ণমালা পঢ়িলে ক’ব লাগিব A For ASSAM। আজিৰ ভাৰতে আহিবলগীয়া ২৫ বছৰৰ ভিজন লৈ কাম কৰি আছে। দেশৰ যুৱ প্ৰজন্ম দ্ৰুত গতিৰে দক্ষ হৈ গৈ আছে। আজি সমগ্ৰ বিশ্বৰ ভাৰতৰ ১৪০ কোটি জনতাৰ ওপৰত ভৰসা আছে।’

লগতে মোদীয়ে লগত কয় যে ‘‘আজিৰ ভাৰতে স্থানীয় যোগাযোগ ব্যৱস্থা মজবুত কৰিছে।নতুনকৈ নিৰ্মাণ হৈ থকা ভাৰতে বাণিজ্যৰ নতুন সম্ভাৱনা আনিছে। এতিয়া অসম ৬ লাখ কোটিৰ অৰ্থনীতিৰ ৰাজ্য হৈছে। বিজেপিৰ শাসনকালৰ ৬ বছৰত ৩ লাখ কোটি অৰ্থনীতি বৃদ্ধি হৈছে অসমত। দেশৰ বিকাশত অসমে এতিয়া লৈছে গুৰুত্বপূৰ্ণ ভূমিকা। অসম চৰকাৰে এতিয়া উন্নত বিনিয়োগৰ পৰিৱেশ গঠনত গুৰুত্ব দিছে। সূচল সংযোগৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছে বিজেপি চৰকাৰে। ৭০ বছৰত কংগ্ৰেছে ব্ৰহ্মপুত্ৰৰ ওপৰত ৩ খন দলং বনাইছে। বিজেপিৰ কাৰ্যকালত নতুনকৈ ৪ খন দলং নিৰ্মাণ হ’ল ব্ৰহ্মপুত্ৰত।’’

‘‘অসমৰ ৰে’ল বাজেট ৪ গুণ বৃদ্ধি কৰা হৈছে। অসমৰ বিমান পথৰো দ্ৰুতগতিত হৈছে উন্নয়ন।বৰ্তমান অসমত ৩০টা বিমানপথত উৰাজাহাজ চলে। আমাৰ চৰকাৰে ২১ শতিকাত নীতিৰে আগবাঢ়িছে। নিৰ্মাণ খণ্ডক নেতৃত্ব দিয়াৰ দিশত বিশেষ পদক্ষেপ লৈছে অসমে। ইলেকট্ৰনিক, ছেমিকণ্ডাক্টৰ, গ্ৰীণ এনাৰ্জী খণ্ডত অসম দ্ৰুতগতিত আগবাঢ়িছে। কেন্দ্ৰই এইবাৰ নামৰূপ কাৰখানাৰ চতুৰ্থ ইউনিট নিৰ্মাণত অনুমোদন দিছে। অনাগত দিনত এই প্ৰকল্পই সমগ্ৰ দেশৰ ইউৰিয়াৰ চাহিদা পূৰণ কৰিব।’’

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে ‘‘কেন্দ্ৰই সকলো ধৰণে ৰাজ্যৰ বিজেপি চৰকাৰক সহযোগিতা কৰিছে। ভাৰতৰ বহনক্ষম শক্তি খণ্ডত হৈছে বৃহৎ বিনিয়োগ। সমগ্ৰ বিশ্বই অসমক ভাৰতৰ উন্নততম অঞ্চল হিচাপে দেখিবলৈ বেছি দিন নাই। মই আপোনালোকক বিশ্বাস দিছো যে মই আপোনালোকৰ লগত আছোঁ। বিকশিত ভাৰতৰ যাত্ৰা মই সদায় আপোনালোকৰ সহযাত্ৰী হৈ থাকিম। বিশ্বই আমাৰ পুনৰ ব্যৱহাৰ্য শক্তিৰ মিছনক অনুসৰণ কৰিছে।’’

লগতে পঢ়ক :WATCH | PM Narendra Modi: “ডাবল ইঞ্জিন চৰকাৰে ডাবল গতিত আগবাঢ়িছে অসমত”