WATCH | Advantage Assam 2.0: আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাত দুদিনীয়াকৈ এডভাণ্টেজ আছাম 2.0
নিউজ ডেস্ক,২৫ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ গুৱাহাটীৰ খানাপাৰাত দুদিনীয়াকৈ এডভাণ্টেজ আছাম 2.0। মঙলবাৰৰপৰা দুদিনীয়া কাৰ্যসূচীৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত Advantage Assam 2.0।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ। প্ৰধানমন্ত্ৰীক গামোচা, গঁড়ৰ প্ৰতীকী স্মাৰক আৰু কামাখ্যা মন্দিৰৰ স্মাৰকেৰে আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই।
উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ লৈছে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, জোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে। এডভাণ্টেজ আছামত অংশগ্ৰহণৰ বাবে দেশী-বিদেশী বিনিয়োগকাৰীৰে ভৰি পৰিছে গুৱাহাটী মহানগৰ। ৬১খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এডভাণ্টেজ আছাম 2.0ত(Advantage Assam 2.0)।
লগতে পঢ়ক :WATCH | Tragic accident: কলিয়াবৰ বালিবাটত ভয়ংকৰ পথ দুৰ্ঘটনা