WATCH | Advantage Assam 2.0 : গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি গৌতম আদানি
নিউজ ডেস্ক,২৫ফেব্ৰুৱাৰী : গুৱাহাটীত উপস্থিত বিশিষ্ট উদ্যোগপতি গৌতম আদানি। বিশেষ বিমানযোগে বৰঝাৰ বিমানবন্দৰত উপস্থিত গৌতম আদানি।
বিমানবন্দৰৰ পৰা কটকটীয়া নিৰাপত্তাৰে ৰাওনা হোটেল ৰেডিচন ব্লুলৈ। Advantage Assam 2.0ত অংশ ল’ব আদানীয়ে(Advantage Assam 2.0)।
উল্লেখ্য যে, মঙলবাৰৰপৰা দুদিনীয়া কাৰ্যসূচীৰে ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব Advantage Assam 2.0। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় হাস্পতাল খেলপথাৰত আয়োজন কৰা Advantage Assam 2.0-ত ৭খনকৈ ৰাষ্ট্ৰই অংশীদাৰিত্ব আগবঢ়াইছে। অষ্ট্ৰেলিয়া, ভূটান, জাৰ্মানী, জাপান, মালয়েছিয়া, ছিংগাপুৰ আৰু থাইলেণ্ডৰ অংশীদাৰিত্বৰে Advantage Assam 2.0 আয়োজিত হৈছে।
২৫ ফেব্ৰুৱাৰী সোমবাৰে খানাপাৰাত অস্থায়ীকৈ নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত Advantage Assam 2.0 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব। ইয়াৰ পূৰ্বে ২৪ তাৰিখ অৰ্থাৎ সোমবাৰে নিশাই প্ৰধানমন্ত্ৰীয়ে Advantage Assam 2.0-ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে। সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত ‘ঝুমই বিনন্দিনী’ অনুষ্ঠানৰপৰা পোনে পোনে আহিয়েই Advantage Assam 2.0-ৰ প্ৰদৰ্শনী পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
লগতে পঢ়ক :WATCH | Advantage Assam 2.0 : Advantage Assam 2.0-ৰ প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ