Advantage Assam 2.0: দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

নিউজ ডেস্ক,১৫ফেব্ৰুৱাৰী : অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০ । এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণকলৈ দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
এডভাণ্টেজ আছাম ২.০ বাবে মুখ্যমন্ত্রীয়ে দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰাৰ উপৰিও দেশৰ বিভিন্ন চহৰত বহু উদ্যোগপতি আৰু বিনিয়োগকাৰীক সাক্ষাৎ কৰি সন্মিলনলৈ নিমন্ত্রণ জনায় । এই সন্মিলনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব ।
আনহাতে সন্মিলনৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্রীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত “ঝুমইৰ বিনন্দিনী” শীৰ্ষক মেগা ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ইফালে দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ(Advantage Assam 2.0)।
লগতে পঢ়ক:Silapathar Youth goes missing: বিগত ৫দিনে নিৰুদ্দেশ চিলাপথাৰৰ ভাস্কৰ জ্যোতি ৰয়