Local, Vocal, Global

WATCH | Advantage Assam :’Advantage Assam 2.0′-ৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদ মাধ্যমক সম্বোধন

নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : ‘Advantage Assam 2.0’-ৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰে।

ইফালে মুখ্যমন্ত্ৰীয়ে সামজিক মাধ্য়মত লিখে যে, এই মুহূৰ্তত ৰৈ পুনৰ এবাৰ উনুকিয়াব বিচাৰোঁ যে নিৰাশাৰ পৰিৱৰ্তে আশাৰ ভেটিত গঢ় লোৱা এইখন নতুন অসম৷

ৰাজ্যৰ বাহিৰৰ ঔদ্যোগিক নেতৃবৃন্দৰ অংশগ্ৰহণৰ লগতে অসমৰ যুৱ উদ্যোগীসকলেও এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে এখন বিকাশৰ মঞ্চ পাইছে৷ তদুপৰি ৰাজ্যত সূচনা হোৱা ঔদ্যোগিক পৰিৱেশৰ ফলশ্ৰুতিত অসমৰ বহু প্ৰতিভাৱান যুৱক-যুৱতী ইয়াতে কাম কৰিবলৈ উভতি আহিছে৷

এনে বাতৰিবোৰেই সকলোৰে মনত নতুন আশাৰ সঞ্চাৰ কৰিছে(Advantage Assam)৷

লগতে পঢ়ক : WATCH | Jagiroad News: জাগীৰোডৰ টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত ছিংগাপুৰৰ ৰাষ্ট্ৰদূত