Local, Vocal, Global

WATCH | ADRE Results: অৱশেষত ঘোষণা কৰা হ’ল ADR পৰীক্ষাৰ ফলাফলৰ দিন

নিউজ ডেস্ক,৩মাৰ্চ : অৱশেষত ঘোষণা কৰা হ’ল ADR পৰীক্ষাৰ ফলাফলৰ দিন । দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ফলাফলৰ দিন।

দেওবাৰে ফেচবুক লাইভযোগে অপেক্ষাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীয়ে লগতে ৰাজহুৱা কৰিলে আন কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন।

৬মাৰ্চত ঘোষণা কৰা হ’ব অসম আৰক্ষীৰ ফলাফল(ADRE Results)।

কনিষ্টবল AB আৰু UBৰ ফলাফল ১২ মাৰ্চত ঘোষণা কৰা হ’ব।

অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল ৪ মাৰ্চত ঘোষণা কৰা হ’ব।

কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব।

আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব।
বহুপ্ৰতীক্ষিত ADR পৰীক্ষাৰ ফলাফল ৭মাৰ্চত ঘোষণা কৰা কৰা হ’ব।

এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব।

এই বছৰৰ শেষৰফালে আকৌ ADRE পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক :WATCH | Akhil Gogoi : ‘চৰকাৰে ঝুমুৰ পতাৰ বাবে চাহ বাগিচাৰ ৬ হাজাৰ শিক্ষাৰ্থী মেট্ৰিক পৰীক্ষাৰ পৰা বঞ্চিত হ’ল’