Aditya-L1 launch : এইবাৰ ইছৰ’ৰ সূৰ্য অভিযান; আজি দিনৰ ১১.৫০ বজাত সূৰ্য অভিমুখে উৎক্ষেপন কৰা হ’ব আদিত্য-L১ ক

নেশ্যনেল ডেস্ক, ২ছেপ্তেম্বৰ : চন্দ্ৰৰ পিছত এইবাৰ ইছৰ’ৰ সূৰ্য অভিযান। ISROএ ই চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছত, এতিয়া ইয়াৰ প্ৰথম সৌৰ অভিযান ‘আদিত্য-L1’ উৎক্ষেপণৰ বাবে সম্পূৰ্ণ সাজু হৈছে। আজি অৰ্থাৎ শনিবাৰে পুৱা ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণৰ কৰা হ’ব Aditya-L-1 আৰু ইয়াৰ বাবে কাউন্টডাউন ইতিমধ্যে আৰম্ভ হৈছে(Aditya-L1 launch)। এই সন্দৰ্ভত ISRO এ X ত টুইটযোগে কয়, ‘‘PSLV-C57/ Aditya-L1 Mission: The countdown leading to the launch at 11:50 hrs. IST on September 2, 2023, has commenced.’’শুকুৰবাৰে নিশা 12:10 বজাৰ পৰা আৰম্ভ হৈছে 23 ঘন্টা 40 মিনিটৰ কাউণ্টডাউন ।ISROএ সূৰ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এই অভিযান আৰম্ভ কৰিছে।
চন্দ্ৰ অভিযানৰ পিছতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ২৮ আগষ্টত সূৰ্য অভিযান সম্পৰ্কে ঘোষণা কৰিছিল। Aditya-L-১ প্ৰকৃততে এখন সূৰ্য পৰ্য্যবেক্ষণকাৰী যান। এই যানখনে পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব।
উল্লেখযোগ্য যে, এয়া ইছৰ’ৰ বাবে প্ৰথম সূৰ্য অভিযান। ISRO ৰ অধ্যক্ষ এছ সোমনাথে উল্লেখ কৰা মতে, এই অভিযান সঠিক ব্যাসাৰ্ধত উপনীত হ’বলৈ ১২৫ দিন লাগিব ।ISROৰ সৌৰ অভিযান ইয়াৰ অফিছিয়েল ৱেবছাইট https://www.isro.gov.in ত পোনপটীয়াকৈ চাব পাৰিব। লগতে, আপুনি ISROৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল তো লাইভ চাব পাৰিব। ইয়াৰ উপৰিও, পুৱা ১১ বাজি ২০ মিনিটৰ পৰা ডিডি নেচনেল টিভিত Aditya-L1 উৎক্ষেপণৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষৰ মুৰব্বী সোমনাথে কয় যে শনিবাৰে পুৱা ১১.৫০ বজাত আদিত্য-L১ অভিযান আৰম্ভ কৰা হ’ব । তেওঁ লগতে কয় যে সৌৰ অভিযানটো সূৰ্যৰ অধ্যয়ন আৰু সঠিক ব্যাসাৰ্ধত উপনীত হ’বলৈ ১২৫ দিন সময় লাগিব । ISRO অধ্যক্ষৰ গৰাকীয়ে কয়, ‘‘ছান অবজাৰ্ভেটৰী অভিযানৰ পিচত ISRO এ অনাগত দিনত SSLV-D3 আৰু PSLV কে ধৰি আন কেইবাটাও অভিযান আৰম্ভ কৰিব’’ ।
Aditya-L-1 উদ্দেশ্য হৈছে L1ৰ চাৰিওফালৰ কক্ষপথৰ পৰা সূৰ্যৰ অধ্যয়ন কৰা। ই সূৰ্যৰ বাহিৰৰ স্তৰ কৰোনাৰ পৰা ওলোৱা তাপ আৰু গৰম বতাহ অধ্যয়ন কৰিব। Aditya-L1ত সাতটা পেলোড স্থাপন কৰা হৈছে, যিয়ে বিভিন্ন তৰংগ বেণ্ডত ফটোস্ফেয়াৰ, ক্ৰমস্ফিয়াৰ আৰু সূৰ্যৰ বাহিৰৰ স্তৰ পৰ্যবেক্ষণ কৰিব। ইয়াৰে ৬টা পেলোড ISRO আৰু অন্যান্য প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।