Local, Vocal, Global

Watch | Adani Group to invest Rs 50,000 crore in assam Gautam Adani announces: আদানী গ্ৰুপে অসমত বিনিয়োগ কৰিব ৫০ হাজাৰ কোটি গৌতম আদানীৰ ঘোষণা

গুৱাহাটী: অসমৰ বাবে ভাল খবৰ! আজিৰে পৰা আৰম্ভ এডভাণ্টেজ আছাম ২.০। গুৱাহাটীত দেশী-বিদেশী বিনিয়োগকাৰী সমাগম।আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছি হোৱা এডভাণ্টেজ আছাম ২.০ সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এই এডভাণ্টেজ আছাম সন্মিলনত অংশগ্ৰহণ কৰি দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানীয়ে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।

আদানী গ্ৰুপে অসমত বিমানবন্দৰ, এৰোচিটি, চহৰাঞ্চলত গেছ বিতৰণ, ট্ৰেন্সমিছন, চিমেণ্ট আৰু পথ পৰিবহণৰ আন্তঃগাঁথনি উন্নয়নত এই ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব। সন্মিলনত আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে কয়, “অতি গৌৰৱেৰে আজি মই ঘোষণা কৰিছো যে আদানী গ্ৰুপে অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে।”

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৱানিশা আনুষ্ঠানিকভাৱে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰাৰ পাছত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত বহু চর্চিত এডভাণ্টেজ আছাম ২.০ । আজি পুৱা ১০.৩০ বজাত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এডভাণ্টেজ আছাম ২.০। এডভাণ্টেজ আছাম ২.০ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে বিশ্বৰ ৪৫ খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চায়ুক্ত আৰু প্ৰতিনিধিৰ দল অসমত উপস্থিত হৈছে । সোমবাৰে বিয়লি ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান উপভোগ কৰে ।