Local, Vocal, Global

Actress Padmini Kolhapure : তেজপুৰত উপস্থিত হৈ কণ-কণ নাচনীৰ সৈতে কঁকাল ঘূৰাই বিহু নাচিলে মোহময়ী অভিনেত্ৰী পদ্মিনী কোলহাপুৰেই

নিউজ ডেস্ক,২১জানুৱাৰী : তেজপুৰত উপস্থিত মোহময়ী অভিনেত্ৰী পদ্মিনী কোলহাপুৰ ৷তেজপুৰত উপস্থিত হৈ কণ-কণ নাচনীৰ সৈতে কঁকাল ঘূৰাই বিহু নাচিলে মোহময়ী অভিনেত্ৰী পদ্মিনী কোলহাপুৰেই(Actress Padmini Kolhapure) ৷

বৰ্তমানলৈ অভিনেত্ৰীগৰাকীয়ে অসমলৈ অহাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও এটা বিশেষ এলবামৰ গানৰ শ্বুটিঙৰ বাবে তেওঁ তেজপুৰলৈ আহিছে বুলি অনুমান কৰা হৈছে ৷
শ্বুটিঙৰ পূৰ্বে তেওঁ মহাভৈৰৱ মন্দিৰ দৰ্শন কৰি মহাদেৱৰ আশিস গ্ৰহণ কৰে ৷

অসমত উপস্থিত হৈ মোহময়ী অভিনেত্ৰীগৰাকীয়ে অসমৰ অতুলনীয় সংস্কৃতি, সাজ-পোছাক, খাদ্য আৰু প্ৰাকৃতিক পৰিৱেশ দেখি মুগ্ধ হৈ পৰে। অভিনেত্ৰীগৰাকী অসমৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে(Actress Padmini kolhapure visits Tezpur Mahabhairab temple)।

এটা বিহুগীতৰ শ্বুটিঙত তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰৰ প্ৰাংগণত কঁকাল ঘূৰাই বিহু নাচিলে বলীউডৰ অভিনেত্ৰীগৰাকীয়ে ৷হাতত গামখাৰু, মুগা ৰিহা পৰিধান কৰি বিহুৰ বিশেষ দৃশ্যাংশত শ্ব’ট দিলে পদ্মিনীয়ে ৷ অসমীয়া খাদ্য খাই খুব ভাল পাই বুলি কৈ অভিনেত্ৰীগৰাকীয়ে বিহু নাচো তেওঁৰ অতিকৈ প্ৰিয় বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :HMPV: গুৱাহাটী মহানগৰীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত