Local, Vocal, Global

Actor Spandan Barthakur passes away : অভিনেতা স্পন্দন বৰঠাকুৰ আৰু নাই

নিউজ ডেস্ক,২১মাৰ্চ : অভিনেতা স্পন্দন বৰঠাকুৰ আৰু নাই। আকস্মিক মৃত্যু অভিনেতা গৰাকীৰ ।হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ অভিনেতা স্পন্দন বৰঠাকুৰ।

জানিব পৰা মতে, ত্ৰিপুৰা অভিমুখে ৰে’লেৰে যাত্ৰা কৰি আছিল অভিনেতাগৰাকীয়ে । কিন্তু ত্ৰিপুৰা পোৱাৰ পূৰ্বেই হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে স্পন্দন বৰঠাকুৰে।প্ৰয়াত স্পন্দন বৰঠাকুৰৰ ঘৰ নুনমাটিত। মৃত্যুৰ সময়ত স্পন্দন বৰঠাকুৰৰ বয়স আছিল ৫০ বছৰৰ ঊৰ্ধ্বৰ(Actor Spandan Barthakur passes away)।

উল্লেখ্য যে, আছাম প্লাৱিক ৱৰ্ক সভাপতি অভিজিৎ শৰ্মাৰ প্ৰযোজনাত নিৰ্মাণ হৈ থকা ‘NRC SCAM-2019’ ৱেব ছিৰিজখনত অভিনয় কৰি আছিল স্পন্দন বৰঠাকুৰে। ৱেব ছিৰিজখনত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চৰিত্ৰত অভিনয় কৰিছিল স্পন্দন বৰঠাকুৰে। মঙলবাৰে ৱেব ছিৰিজখনৰ ডাবিং সম্পন্ন কৰিছিল স্পন্দন বৰঠাকুৰে(Actor Spandan Barthakur passes away)।

লগতে পঢ়ক : ECI shakes up district administration in five states, transfers non-encadred DMs & SPs : লোকসভা নিৰ্বাচনৰ পূৰ্বেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্বাচন আয়োগৰ