WATCH | Actor Mridul Bhuyan mother passes away: মহাশিৱৰাত্ৰিৰ দিনাই মাতৃহাৰা হ’ল ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা
নিউজ ডেস্ক,২৭ফেব্ৰুৱাৰী : মহাশিৱৰাত্ৰিৰ দিনাই মাতৃহাৰা হ’ল ভ্ৰাম্যমানৰ বলিষ্ঠ অভিনেতা মৃদুল ভূঞা। মঞ্চত অভিনয় কৰি থকাৰ সময়তে বিয়োগ ঘটে অভিনেতা গৰাকীৰ মাতৃৰ। মাতৃৰ বিয়োগৰ পিছতে মঞ্চ হাঁহি-কান্দোন সংলাপ গায় গ’ল অভিনেতাগৰাকীয়ে(Actor Mridul Bhuyan mother passes away)।
নিশা প্ৰথম দৰ্শনীৰ নাটকৰ অভিনয় সামৰি মাতৃৰ অন্ত্যেষ্টিক্রিয়াত অংশ লয় অভিনেতা গৰাকীয়ে। মাতৃৰ নিথৰ দেহৰ কাষত উচুপি উঠিল অভিনেতাগৰাকী। ‘‘এতিয়া দেউতাৰ কথা ভাবিব লাগিব। অ মা.. চা চোন…গমে নাপালো…’’,
মৃদুল ভূঞাই জনাই যে ‘‘মা ধুকালে, শিৱৰাত্ৰিৰৰ দিনাখন মা ধুকাল, মানি ল’ব লাগিব, উপায় নাই। এইটো মানি ল’ব লাগিব কৰ্ম। সিদিনাখন মায়ে থিয়েটাৰ চাব যাব ওলাইছিল। মই নিনিলো, মায়ো ক’লে মই নাযাওঁ দে, মই গ’লে তোৰে চিন্তা লাগি থাকিব। মাৰ গাটো বেয়া আছিল।’’
‘‘মোৰ ক্ষেত্ৰখন নাটক, অভিনয়…, ১২০গৰাকী মানুহ জড়িত হৈ আছে। ৰাইজ জড়িত হৈ আছে, আহ্বায়ক কমিটী জড়িত হৈ আছে। মাক তুলসীৰ তলতে ৰখা হৈছে। মাৰ আত্মাই শান্তি পাওক। তেনেকৈ গুচি গ’ল, কোনেও গমে নাপালে।’মা গুচি গ’ল, মোৰ মা বহুত সহজ-সৰল আছিল, সকলোৰে লগত ভাল সম্পৰ্ক ৰাখিছিল’।
লগতে পঢ়ক :WATCH | Advantage Assam 2.0 : অন্ত পৰিল দুদিনীয়া এডভাণ্টেজ আছাম 2.O