Actor Khagen Buragohain passes away : বিশিষ্ট নাট্যকাৰ, অভিনেতা খগেন বুঢ়াগোহাঁইৰ দেহাৱসান

নিউজ ডেস্ক,২১আগষ্ট : বিশিষ্ট নাট্যকাৰ, অভিনেতা খগেন বুঢ়াগোহাঁইৰ দেহাৱসান। ডিগবৈৰ টিংৰাইৰ বাসগৃহতে মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীয়ে। দীৰ্ঘদিনে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীজন(Actor Khagen Buragohain passes away)।
অভিনয়েৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল বুঢ়াগোহাঁই।নাটক, ভাওনাৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল শিল্পীজনে।’আপুৰুগীয়া’ নাটখন ৰচনা কৰি পাইছিল শ্ৰেষ্ঠ নাট্যকাৰৰ পুৰস্কাৰ। পেছাত এজন শিক্ষক আছিল প্ৰয়াত খগেন বুঢ়াগোহাঁই।