Local, Vocal, Global

Actor Jayanta Das Passed Away : পঞ্চভূতত বিলীন জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ

নিউজ ডেস্ক, ১৭ ডিচেম্বৰ : পঞ্চভূতত বিলীন জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ নশ্বৰদেহ ৷ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নেৰে নৱগ্ৰহ শ্মশানত শেষ বিদায় দিলে অভিনেতা জনক(Actor Jayanta Das Passed Away) ৷

জীৱন-মৃত্যুৰে যুঁজ শনিবাৰে নিশা ৮.৪১ বজাত নিয়তিৰ ওচৰত হাৰ মানি জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে। গুৱাহাটীৰ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল শিল্পীগৰাকীয়ে৷ এপল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰাৰ পিছতে তেখেতৰ নশ্বৰদেহ পোনে পোনে লৈ যোৱা হয় উজানবজাৰৰ নিজ বাসগৃহলৈ ৷ তাত প্ৰায় কেইবাশতাধিক লোকে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে( Acclaimed Assamese actor Jayanta Das passes away at 54) ৷

তাৰ পিছতে ৰবীন্দ্ৰ ভৱন আৰু উজান বজাৰৰ এক প্ৰতিষ্ঠানত শিল্পীগৰাকীলৈ নিবেদন হয় শ্ৰদ্ধাঞ্জলি ৷ এই দুই স্থানৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সম্পন্ন হোৱাৰ পিছতে পোনে পোনে নশ্বৰদেহ লৈ যোৱা হয় নৱগ্ৰহ শ্মশানলৈ। নৱগ্ৰহ শ্মশানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত সম্পন্ন হয় অন্ত্যেষ্টিক্ৰিয়া৷

জয়ন্ত দাসৰ শেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য, কণ্ঠশিল্পী দীপেন বৰুৱা, অভিনেত্ৰী বৰষাৰাণী বিষয়াকে ধৰি ভালেসংখ্যক শিল্পী, কলা-কুশলী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনেতা জয়ন্ত দাসৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে।

অসমীয়া চলচ্চিত্ৰ, ধাৰাবাহিক, আকাশবাণীৰ নাটক আদি প্ৰতিটো ক্ষেত্ৰতে শক্তিশালী অভিনয়েৰে অসমবাসীৰ হৃদয়ত বিশেষ স্থান দখল কৰা অভিনেতাগৰাকীৰ বিয়োগ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Assamese actor Jayanta Das passes away)।

উল্লেখ্য যে, যোৱা ৯ ডিচেম্বৰতে মহানগৰীৰ এপ’ল’ হস্পিতালত ভৰ্তি হৈছিল অভিনেতাজন । যকৃৎ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অভিনেতাজন। অভিনেতা জয়ন্ত দাসৰ মৃত্যু সাংস্কৃতিক জগতত অপূৰণীয় ক্ষতি(Assamese veteran actor Jayanta Das passes away)।

১৯৬৯ চনৰ মহানগৰীৰ উজান বজাৰত জন্মগ্ৰহণ কৰিছিল জয়ন্ত দাসে। চলচ্চিত্ৰ সমাজত তথা অনুৰাগীৰ মাজত ‘ৰাজু দা’ হিচাপে জনপ্ৰিয় আছিল জয়ন্ত দাস। দূৰদৰ্শন, ভিডিঅ’ ছবি, নাটক, অনাতাঁৰ, চলচ্চিত্ৰকে ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : IAS Sewali Devi Sharma’s Bail Plea Rejected : SCERTৰ ১০৫ কোটিটকীয়া কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালি দেৱীৰ জামিন নাকচ