Local, Vocal, Global

অৱশেষত অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে অভিনেতা অক্ষয় কুমাৰে

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ ছ’চিয়েল মিডিয়াত যথেষ্ট সমালোচনাৰ পিছতেই বলিউদৰ অভিনেতা অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়া যোগে তেঁওৰ অনুৰাগী আৰু শুভাকাংক্ষীসকলৰ ওচৰত ধপাতৰ ব্ৰেণ্ডৰ বিজ্ঞাপন কৰাক লৈ ক্ষমা বিচাৰে।

শেহতীয়াকৈ অক্ষয় কুমাৰে অজয় দেৱগণ আৰু শ্বাহৰুখ খানৰ সৈতে বিমলৰ এটা বিজ্ঞাপন দিছিল। এই বিজ্ঞাপনৰ পিছতেই অভিনেতাজন সমালোচনাৰ সন্মুখীন হয়। ইয়াৰপিছতেই অভিনেতাজনে ব্ৰেণ্ডটোৰ সৈতে তেঁওৰ সম্পৰ্ক বন্ধ কৰাৰ সিদ্ধান্ত লয়।

উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰে পূৰ্বতে কৈছিল যে, তেঁও কেতিয়াও ধপাতৰ ব্ৰেণ্ড সমৰ্থন নকৰে।

অভিনেতা অক্ষয় কুমাৰে সামাজিক মাধ্যমত এইদৰে কয়- “বিগত কেইদিনমানৰ পৰা আপোনালোকৰ প্ৰতিক্ৰিয়াই মোক বহু প্ৰভাৱিত কৰিছে অৱশ্যে মই কেতিয়াও ধপাত সমৰ্থন কৰা নাই বা পুনৰ কেতিয়াও নকৰো ” ।

অৱশ্যে বিমল ইলাচীৰ সৈতে আইনী সীমা পুৰণ নোহোৱালৈ বিমল ইলাচীয়ে তেওঁৰ বিজ্ঞাপনটো ব্যাৱহাৰ কৰি থাকিব বুলিও অক্ষয় কুমাৰে স্পষ্ট কৰি দি পৰৱৰ্তী সময়ত তেওঁ কেতিয়াও এনেধৰণৰ বিজ্ঞাপন নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।