Local, Vocal, Global

ULFA (I) cadre surrendered : নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ

নিউজ ডেস্ক, ৫ নৱেম্বৰ : পুনৰ আলফা (স্বাধীন)ৰ আত্মসমৰ্পণ । নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ আলফা (স্বাধীন)ৰ(ULFA Surrendered) ।

উল্লেখ্য যে, আলফা স্বাধীনৰ শিবিৰত এজনৰ পাচত আন এজন আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিছটো উজনিৰ একাংশ যুৱকে আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ খবৰ পোৱা গৈছে । তেনে সময়তে শনিবাৰে পোহৰলৈ আহিছে আন এক খবৰ (ULFA Surrendered)।

শনিবাৰে আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ সদস্যই । নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ কৰে সদস্যজনে । আত্মসমৰ্পণকাৰী সদস্যজনৰ নাম মাধৱ চেতিয়া ওৰফে সূৰজ অসম বুলি জানিব পৰা গৈছে(Active ULFA-I Cadre Surrenders at Army Cantonment in Dibrugarh’s Jeypore)।

মাধৱ চেতিয়া ওৰফে সূৰজ অসমৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত। মাধৱ চেতিয়াই ২০২১ চনত আলফা স্বাধীনত যোগদান কৰিছিল। মাধৱ চেতিয়াৰ পৰা এটা হেণ্ড গ্রেনেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে(ULFA (I) cadre surrendered)।

ইতিমধ্যে জয়পুৰস্থিত সেনা ছাউনীয়ে নামৰূপ আৰক্ষীক চমজাই দিছে অত্মসমৰ্পণকাৰী আলফা সদস্যজনক । নামৰূপ আৰক্ষীয়ে গোপন স্থানত ৰাখি জেৰা অব্যাহত ৰাখিছে আলফা স্বাধীনৰ সদস্যজনৰ ।

বৰ্তমানলৈ আত্মসমৰ্পণ কৰা যুৱকজনৰ সম্পৰ্কে কোনো মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে(ULFA-I Cadre Surrenders at Army Cantonment) ৷

লগতে পঢ়ক : Imam killed by slitting throat : মছজিদৰ ইমামক ডিঙি ৰেপি নৃশংসভাৱে হত্যা অচিনাক্ত দুৰ্বৃত্তই