Local, Vocal, Global

ডুমডুমাৰ কুমাৰীপট্টিত যৌতুকৰ বাবে বোৱাৰীক হত্যাৰ অভিযোগ

নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : ডুমডুমাত এগৰাকী মহিলাৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডুমডুমা কুমাৰীপট্টিৰ শ্যাম ডেকা নামৰ ব্যক্তিগৰাকীয়ে নিজ পত্নীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰবৰ্গই৷ এবছৰৰ আগতে সামাজিক নীতি নিয়মেৰে বিবাহ পাশত আৱদ্ধ হোৱা কাকপথাৰ চহৰ ধাৰণা ডেকা নামৰ মহিলাগৰাকীক বিবাহৰ পিছৰে পৰা যৌতুক বিছাৰি হাৰাশাস্তি কৰি আহিছিল স্বামীৰ পৰিয়ালে। সমান্তৰালভাবে পুনৰ এখন বিছনা বিচাৰি বিগত কেইবাদিনৰে পৰা মহিলাগৰাকীক অত্যাচাৰ কৰি অহাৰ মাজতে আজি এনেদৰে ধাৰণা ডেকা নামৰ মহিলাগৰাকীক স্বামীৰ লগতে পৰিয়ালবৰ্গই হত্যা কৰা বুলি ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালবৰ্গই। ধাৰণা ডেকাৰ পিতৃয়ে দিন হাজিৰা কৰি কন্যাৰ সুখৰ বাবে সামৰ্থ্য অনুসৰি টকা দি সহায় কৰি অহাৰ পিছতো হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি এজাহাৰ দাখিল কৰাৰ পিছতে ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে অভিযুক্ত শ্যাম ডেকা আটক কৰা বুলি জানিবলৈ দিয়ে। লগতে ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্বামীৰ পৰিয়ালৰ লোকসকল ঘৰৰ পৰা পলাই দিয়াৰ কাৰ্যই বিষয়টো অধিক ৰহস্যজনক হৈ পৰিছে। এনেদৰে যৌতুকৰ বাবে এগৰাকী বোৱাৰীক হত্যা কৰাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ডুমডুমা অঞ্চলটোত । হত্যা নে আত্মহত্যা সেইয়া স্পষ্ট সডৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।