Guwahati Double Murder Case : জামিন লাভ কৰিলে ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাই
নিউজ ডেস্ক, ১০নৱেম্বৰ : অসম আৰক্ষীৰ চৰম ব্যৰ্থতা । ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইন্দ বন্দনা কলিতাই পালে জামিন । গুৱাহাটী মহানগৰীত সংঘটিত হৈছিল এক ভয়ংকৰ হত্যাকাণ্ড । যি জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। ধন- সম্পত্তিৰ লালসত মত্ত হৈ বন্দনা হত্যা কৰিছিল স্বামী আৰু শাহুৱেকক। অবৈধ প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি বন্দনাই সংঘটিত কৰিছিল এক লোমহৰ্ষক হত্যাকাণ্ড। অকল হত্যা কৰিয়ে ক্ষান্ত থকা নাছিল বন্দনা।শাহুৱেকৰ মৃতদেহ কাটি টুকুৰা–টুকুৰ কৰি ফ্ৰীজত তিনিদিন ভৰাই থৈছিল। হত্যাকাণ্ড সংঘটিত কৰি পলিথিনত ভৰাই দুয়োটা মৃতদেহ মেঘালয়ত পেলাই দিছিল বন্দনাই(Guwahati Double Murder Case) ।
এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে অসম আৰক্ষীয়ে চলাইছিল তদন্ত । তদন্তত পোহৰলৈ আহিছিল ন ন তথ্য । শ্বিলং- চেৰাপুঞ্জী পথৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰিছিল স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ৰ মৃতদেহৰ ভিন্ন টুকুৰা। ইয়াৰোপৰি উদ্ধাৰ হৈছিল হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দা, কাপোৰ তথা অন্যান্য সামগ্ৰী। বন্দনা কলিতাই সংঘটিত কৰা এই হত্যাকাণ্ডৰ অন্যতম সহযোগী আছিল প্ৰমিক ধনটি ডেকা আৰু অৰূপ ডেকা। কিন্তু ইতিমধ্যে এই দুই অভিযুক্তয়ো লাভ কৰিছে জামিন(Accused Bandana Kalita Granted Bail In Guwahati Double Murder Case)।
শেহতীয়াকৈ গুৱাহাটী চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ অভিযুক্ত বন্দনা কলিতাই লাভ কৰিলে জামিন । কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত গুৱাহাটী ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰা হৈছে। অৱশ্যে, কিছুমান চৰ্ত সাপেক্ষে আদালতে বন্দনা কলিতাৰ জামিন মঞ্জুৰ কৰিছে। এই চৰ্ত সাপেক্ষে আদালতৰ অনুমতি অবিহনে বন্দনাই গৃহ জিলা এৰিব কোনো ঠাইলৈ যাব নোৱাৰিব। সপ্তাহত দুদিন নুনমাটি থানাত বন্দনা হাজিৰ হ’ব লাগিব।
উল্লেখ্যে যে এই চাঞ্চল্যকৰ হত্য়াকাণ্ডৰ খলনায়িকা বন্দনা কলিতাৰ জামিনৰ পিছত এতিয়া সকলোৰে মনত বিভিন্ন প্ৰশ্নৰ উদয় হৈছে । এক হত্যাকাণ্ড সংঘটিত কৰিও এনেদৰে জামিন লাভ কৰাৰ আঁৰত অসম আৰক্ষীৰ চৰম ব্যৰ্থতা বুলি জানিব পৰা গৈছে ।
দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰিও সাধাৰণ লোকৰ দৰেই জীৱন যাপন কৰিব নেকি বন্দনাই তাকে লৈ এতিয়াই সচেতন ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে।