Local, Vocal, Global

Assam Education System : ৰাজ্যত মঙলবাৰৰ পৰা সলনি হ’ল স্নাতক-স্নাতকোত্তৰ শিক্ষা ব্যৱস্থা

নিউজ ডেস্ক, ২ আগষ্ট : দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো মঙলবাৰৰ পৰা সলনি হ’ল স্নাতক-স্নাতকোত্তৰ শিক্ষা ব্যৱস্থা (Assam Education System)। ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি এতিয়াৰে পৰা তিনি বছৰৰ সলনি চাৰি বছৰত সম্পন্ন হ’ব স্নাতক পাঠ্যক্ৰম(according to NEP degree courses will be four years from now)।

NEP অনুসৰি এতিয়াৰে পৰা স্নাতকৰ তৃতীয় সান্মাসিকৰ পৰা অনুষ্ঠিত হ’ব মেজৰ বিষয়ৰ পৰীক্ষা । ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি এই বর্ষত ৰাজ্যৰ মহাবিদ্যালয় হৈছে নামভৰ্তি প্ৰক্ৰিয়া । স্নাতকৰ যিকোনো এজন শিক্ষাৰ্থীয়ে স্ব ইচ্চা অনুসৰি প্ৰথমবাৰৰ বাবে দুটা বছৰত লাভ কৰিব ডিপ্লমাৰ চৰ্টিফিকেট । তিনিটা বছৰত স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰিব বিচাৰিলে লাভ কৰিব ডিগ্ৰী চৰ্টিফিকেট। চতুৰ্থ বছৰত শিক্ষাৰ্থীজনে লাভ কৰিব ডিগ্ৰীৰ লগতে মেজৰ বিষয়ৰ চৰ্টিফিকেট।

চাৰিটা বছৰৰ ভিতৰত কোনো ছাত্ৰ ছাত্ৰীয়ে স্নাতক পাঠ্যক্ৰম আধৰুৱা কৰিলে পিছলৈ সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে । তাৰোপৰি, প্ৰথমবাৰৰ বাবে স্নাতকৰ কলা শাখাৰ যিকোনো শিক্ষাৰ্থীয়ে পাচ কৰ্চ হিচাপে বিজ্ঞানৰ বিষয়, বিজ্ঞানৰ শিক্ষাৰ্থীয়ে পাচ কৰ্চ হিচাপে কলা শাখাৰ বিষয় লোৱাৰ ব্যৱস্থা কৰিছে এই নতুন শিক্ষানীতিত।

প্ৰথমবাৰৰ বাবে নতুন পদ্ধতিত স্নাতক শিক্ষা লাভৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকল । এই নতুন শিক্ষানীতিয়ে ছাত্ৰ ছাত্ৰীক কিদৰে উপকৃত কৰিব সেয়া প্ৰথম ছটা মাহৰ পিছত হ’বলগীয়া প্ৰথম সন্মাসিকৰ পিছত সকলো স্পষ্টকৈ ওলাই পৰিব । এইবাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰি উলিওৱা পৰ্টেলত হৈছে নামভৰ্তি।

লগতে পঢ়ক : Manipur Viral Video Case : ৭ আগষ্টত পৰৱৰ্তী শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ে ৰাজ্যৰ জিডিপি লৈ চমন