Local, Vocal, Global

Accident took place on the Zoo Road flyover : গুৱাহাটী মহানগৰীৰ জু- ৰোডত নিশা সুৰামত্ত যুৱক-যুৱতীৰ অতপালি

নিউজ ডেস্ক,৭অক্টোবৰ : গুৱাহাটী মহানগৰীৰ জু- ৰোডত নিশা সুৰামত্ত যুৱক-যুৱতীৰ অতপালি। সুৰাৰ ৰাগীত মাতাল যুৱক-যুৱতীয়ে নিশা জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত সংঘটিত কৰিলে দুৰ্ঘটনা। মহিণ্ড্ৰা XUV বাহনে মহটিয়াই নিয়ে এখন স্কুটীসহ লাইট লগোৱা কামত ব্যৱহৃত বাহনখনক। কথমপি প্ৰাণ ৰক্ষা পৰে নিশা কৰ্মৰত কৰ্মচাৰী সকলৰ।

AS 01 EH 4665 নম্বৰ মহিন্দ্ৰা এক্স ইউ ভি বাহনখনত অহা এহাল যুৱক-যুৱতীয়ে সংঘটিত কৰে এই দুৰ্ঘটনা(Accident took place on the Zoo Road flyover)।

আনহাতে মহতিয়াই নিয়া স্কুটিখনৰ নম্বৰ হৈছে- AS 01 DF 8230 আৰু লাইটৰ কামত ব্যৱহৃত বাহনখনৰ নম্বৰ হৈছে- AS 01 MC 9807। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে স্কুটি চালক আৰু সুৰামত্ত যুৱক যুৱতীহাল। আটাইকেইগৰাকীকে তাৎক্ষণিকভাৱে GMCH ত ভৰ্ত্তি কৰোৱা হয়।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি যুৱক-যুৱতীহালৰ বাহনখনৰ ভিতৰত কেইবাটাও সুৰাৰ বটল পৰি থকা বুলি জনায়।

লগতে পঢ়ক :Road Accident In Bihpuria : বিহপুৰীয়াত অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন