Accident Claims Two Lives At Bogamati Picnic Spot : দুৰ্ঘটনাত পতিত বনভোজলৈ যোৱা বাহন; নিহত দুজন

গোৰেশ্বৰ, ৮ জানুৱাৰী : দুৰ্ঘটনাত পতিত বনভোজলৈ যোৱা বাহন (Accident Claims Two Lives At Bogamati Picnic Spot)।
গোৰেশ্বৰৰ বগামাটিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বনভোজস্থলী গোৰেশ্বৰৰ বগামাটিত পথ দুৰ্ঘটনা(Tragic Picnic Mishap Claims Lives in Goreswar)।
নিয়ন্ত্ৰণ হেৰুৱাই বগামাটিৰ শুক্লাই জলসিঞ্চন প্ৰকল্পৰ কেনেলত বাগৰি পৰে মাৰুতি ব্ৰীজ্জা বাহন ৷
জানিব পৰা মতে, বগামাটি বনভোজস্থলীৰ পৰা উভতা পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় পলাশবাৰী থানাৰ অন্তৰ্গত কুলচি গাওঁৰ পৱন ৰাভা (৪৫) আৰু সঞ্জয় ৰাভা (৩৫)।আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ৰ যোৱাৰ পথত মৃত্যু হয় আহ লোকদুজনৰ(Accident Claims Two Lives At Bogamati Picnic Spot In Goreswar) ।
ইফালে এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় গোৰেশ্বৰ থানাৰ আৰক্ষী আৰু সুৱাগপুৰ আৰক্ষী চকীৰ আৰক্ষী ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাসন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
বৰ্তমান মৃত লোকদুজনক শুক্লাইৰ যোগেন বসুমতাৰী মেমৰিয়েল হস্পিতালত ৰখা হৈছে।
লগতে পঢ়ক :Road Accident in Dergaon : দেৰগাঁৱৰ পুনৰ দুৰ্ঘটনা; নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল চিলিণ্ডাৰ ভৰ্তি ট্ৰাক