Local, Vocal, Global

Accident at Kaziranga : কাজিৰঙাৰ গেলেকীত বনকৰ্মীৰ দলক দুৰ্বৃত্তৰ আক্ৰমণ

নিউজ ডেস্ক,৮ মে’ : কাজিৰঙাৰ গেলেকীত বনকৰ্মীৰ দলক দুৰ্বৃত্তৰ আক্ৰমণ । বন বিভাগে জব্দ কৰা কাঠভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্তৰ পাছতে আক্ৰমণ।

মঙলবাৰে নিশা কাজিৰঙাৰ গেলেকীত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

জানিব পৰা মতে, কাৰ্বি আংলং বন বিভাগে জব্দ কৰা এখন AS 25 DC 8637 নম্বৰৰ কাঠ ভৰ্তি বাহনে পথৰ কাষৰ গছত খুন্দা মাৰে ৷ কাঠ ভৰ্তি বাহনখনত আছিল দুজন বনকৰ্মী ৷
দুৰ্ঘটনাত দুই বনকৰ্মী সহ চালকজন গুৰুতৰ ভাৱে আহত হয়(Accident at Kaziranga) ৷

উল্লেখ্য যে বিশেষ সূত্ৰৰ পম খেদি কাৰ্বি আংলং বন বিভাগে এখন কাঠ ভৰ্তি বাহন জব্দ কৰি ডলামৰা ৰেঞ্জ অফিচলৈ নি থকা অৱস্থাতে গেলেকীত এখন ট্ৰাকে অভাৰটেক কৰাত নিয়ন্ত্ৰণ হেৰুৱাই কাঠ ভৰ্তি টাটা মেজিকখনে পথৰ কাষৰ গছত খুন্দা মাৰে৷

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে বনকৰ্মী সকলক একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়৷ দুৰ্ঘটনাগ্ৰস্ত আৰু বন বিভাগৰ বাহনখনত থকা মুঠ ৬ জন বনকৰ্মীক মাৰপিট কৰাৰ অভিযোগ বনকৰ্মীসকলৰ।আটাইকেইজন বনকৰ্মীকে কহঁৰা বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : Mysterious Death of Assam Man : পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ লোকে