Local, Vocal, Global

Abhi-Neel Murder Case : অভি-নীলৰ গোচৰৰ অন্তিমজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ

নিউজ ডেস্ক, ১২ জুন : লেহেমীয়া গতিত চলা নীল-অভিৰ বিচাৰ প্ৰক্ৰিয়া শেষ পৰ্যায়ত আহি উপনীত হৈছে । ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং ডকমকাত সোপাধৰাৰ সন্দেহত নিৰ্মমভাৱে হত্যা কৰা যুৱ শিল্পী নিলোৎপল দাস আৰু যুৱ উদ্যোগী অভিজিৎ নাথৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াক মন্থৰ গতিত চলিছে (Abhi-Neel Murder Case) ।

নীল-অভি হত্যাকাণ্ডৰ পাঁচটা বছৰ সম্পূৰ্ণ হ’ল ৷ নগাঁও আদালতত চলি আছে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি । এই হত্যাকাণ্ড গোচৰৰ অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত গ্ৰহণ কৰি থকা হৈছে ৷

ৰাজ্য কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ পাঁচটা বছৰ সম্পূৰ্ণ হ’ল (Abhi-Neel lynching) ৷ কিন্তু আজি পৰ্যন্ত ন্যায় নাপালে অভিৰ-নীল পৰিয়ালৰ লোকে ৷ আজি অৰ্থাৎ সোমবাৰে নগাঁও আদালতত চলি আছে ২০১৮ চনৰ ৮ জুনতে সংঘটিত হোৱা নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ শুনানি (Court Hearing In Abhi-Neel Lynching) । নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত এই হত্যাকাণ্ড গোচৰৰ অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰি থকা হৈছে । ঘটনাৰ মুঠ সাক্ষী আছিল ৭১ গৰাকী । ৭০ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিছত আজি অন্তিমগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ চলিলে নগাঁও আদালতত

উল্লেখ্য যে, সেউজীয়া প্ৰকৃতিৰ প্ৰতি অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ পাঁচ বছৰ পূৰ্বেই পাহাৰীয়া কাৰ্বি ভূমিলৈ গৈছিল গুৱাহাটীৰ দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথ ৷ কিন্তু কাৰ্বি আংলং জিলাৰ ডকমকাত এদল উন্মাদপ্ৰায় লোকে গুৱাহাটীৰ দুই সম্ভ্ৰান্ত পৰিয়ালৰ পুত্ৰ নীল-অভিক সোপাধৰা বুলি সন্দেহ কৰিছিল ৷ তাৰ পাছতে ডকমকাত এদল দুস্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাব লগা হয় গুৱাহাটীৰ দুই যুৱক নিলোৎপল আৰু অভিজিতে ।

ইয়াৰ পাছতে অতি নির্মমভাৱে দুই চফল ডেকাক হত্যা কৰা ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলি আছে ৷ তথ্য অনুসৰি, এই ঘটনাৰ সৈতে জড়িত ৪৭ জনকৈ অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে জেল হাজোতলৈ । বৰ্তমানো কাৰাবন্দী আটাইকেইজন অভিযুক্ত । আনহাতে, আদলতত তাঁতবাতি কৰি ভাগৰুৱা হৈ পৰিছে নীল-অভিৰ বৃদ্ধ পিতৃ-মাতৃ ৷ মাত্ৰ আজিও ন্যায় লাভৰ আশাত পনবন্দী নীল-অভিৰ দুৰ্ভগীয়া পিতৃ-মাতৃ তথা পৰিয়াল দুটা ৷ সমগ্ৰ ৰাজ্যবাসীয়েও বাট চাই আছে এতিয়া আদালতৰ শেষ ৰায়দানলৈ ৷

লগতে পঢ়ক : Water pipe explosion : মহানগৰীত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি