Local, Vocal, Global

WATCH | Abhayapuri Theft: পুনৰ অভয়াপুৰীত একে নিশাই পাঁচখনকৈ ব্যৱসায় প্ৰতিষ্ঠানত চোৰে চলালে লুট-পাট

অভয়াপুৰী,২৩মে’ : চোৰৰ ৰাজ্যত পৰিণত অভয়াপুৰী ৷ দিনে নিশাই অভয়াপুৰীত চোৰৰ তাণ্ডৱ অব্যাহত ৷ চোৰ কৰায়ত্তত ব্যৰ্থ অভয়াপুৰী আৰক্ষী ৷ আজি পুনৰ অভয়াপুৰী বজাৰৰ মাজমজিয়াত পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান(Abhayapuri Theft)।

অভয়াপুৰী চহৰৰ বজাৰৰ মাজমজিয়াত থকা তিনিখন জুৱেলাৰী, এখন বস্ত্ৰ বিপনী আৰু এখন ফটো বিক্ৰী কৰা প্ৰতিষ্ঠানত চুৰিকাণ্ড । চোৰে পিছপিনৰ দৰ্জা ভাঙি প্ৰৱেশ কৰে ব্যৱসায়িক প্ৰতিষ্ঠান কেইখনত । মাতৃ জুৱেলাৰী, সচিত্ৰা জুৱেলাৰী আৰু গোল্ডেন আৰ্ট নামৰ জুৱেলাৰীৰ পৰা প্ৰায় ২ লক্ষাধিক টকাৰ আ-অলংকাৰ চুৰি কৰা বুলি জানিব পৰা গৈছে । অভয়াপুৰী বজাৰত নৈশ পহৰাৰ কোনো ব্যৱস্থা নথকাৰ ফলত ইয়াৰ পুৰ্বেও কেবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছে।

লগতে পঢ়ক : WATCH | Drugs peddler arrested along with drugs : গাঁওৰক্ষী বাহিনীৰ ফিল’বাৰী আৰক্ষী থানা সমিতিৰ সভাপতিৰ ভাতৃৰ গৃহত উদ্ধাৰ ড্ৰাগছ