Local, Vocal, Global

WATCH | Abhayapuri News : প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী হ’ল যদিও নাপালে ফুটাকঢ়ি

অভয়াপুৰী,৭এপ্ৰিল : অনুসূচিত সম্প্ৰদায়ৰ এই ব্যক্তি জনৰ ঘৰ অভয়াপুৰী সমজিলাৰ অন্তৰ্গত আৰু ঘিলাগুৰী পঞ্চায়তৰ অন্তৰ্ভূক্ত বাৰীপুখুৰী গাঁৱত।

বইটামাৰী উন্নয়ন খণ্ডৰ ঘিলাগুৰী পঞ্চায়তৰ বাসিন্দা মঙলু ৰাম দাসে ২০২৩ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ পাছত প্ৰথম কিস্তিৰ ৩২হাজাৰ ৫০০ টকাৰ সমুলঞ্চে হৰলুকি হয়(Abhayapuri News)।

সন্দেহৰ আঙুলি পঞ্চায়ত সভাপতি,পঞ্চায়ত সদস্য আৰু সচিবলৈ। ইপিনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ মঙলু ৰাম দাসে বিভিন্ন সময়ত বিভিন্ন পঞ্চায়ত প্ৰতিনিধিক ৫০০ হাজাক টকাকৈ ১৫০০ হাজাৰ টকা উৎকোচ হিচাপে আদায় দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে বৃদ্ধ লোকজনে।

বৃদ্ধ পেঞ্চনৰ নামতো আঢ়ৈ শ টকাৰ বাহিৰে একো আঁচনিয়ে ঢুকি নোপোৱা আশীৰ উৰ্ধ্বৰ মঙলু ৰাম দাসে জৰাজীৰ্ন গৃহতে দুৰ্বিহ জীৱন কটাবলগীয়া হৈছে। এই বৃদ্ধ বয়সটো দিন-মজুৰি কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সমাগত। বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোট বিচাৰি পুনৰ মঙলু ৰাম দাসহতৰ দৰে সহজ-সৰল লোকৰ কাষলৈ আহিব কিন্তু প্ৰায়বোৰ আচনিৰ পৰা বঞ্চিত মঙলু ৰাম দাসহতৰ দৰে হিতাধিকাৰী সকলে ন্যায় পাবনে এতিয়া সেইটোৱেই ডাঙৰ প্ৰশ্ন।

লগতে পঢ়ক : WATCH | Self Reliance through Farming: কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন শিক্ষিত অসমীয়া যুৱকৰ