Local, Vocal, Global

Abhayapuri News:শিক্ষকৰে দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন শিক্ষকে

অভয়াপুৰী,২জানুৱাৰী : শিক্ষকৰে দৰে পবিত্ৰ বৃত্তিত কালিমা সানিলে এজন শিক্ষকে ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত এগৰাকী শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।

লম্পট শিক্ষকটো অভয়াপুৰীৰ ৪ নং প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আব্দুল আৱাল আহমেদ(Abhayapuri News)।

লম্পট শিক্ষকজনে আজি বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলাই ৰাইজৰ ৰোষত পৰে।

ৰাইজে শিক্ষকজন উত্তম-মাধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে।

লম্পট শিক্ষকজনে দীৰ্ঘদিন ধৰি ছাত্ৰী গৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ।

লগতে পঢ়ক :Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ !