Local, Vocal, Global

Abhayapuri News :নৱবৰ্ষৰ প্ৰাকক্ষণত এখন গাঁৱত কাৰ্টনে কাৰ্টনে উদ্ধাৰ হৈছে বিলাতী সুৰা

অভয়াপুৰী,৩১ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰাকক্ষণত এখন গাঁৱত নিশা বিলাতী সুৰাৰ কাৰ্টনক লৈ হাহাকাৰ। ঘৰৰ ভিতৰত,গাঁতত আৰু সৰিয়হ খেতিৰ মাজত দমে দমে উদ্ধাৰ বিলাতী সুৰাৰ কাৰ্টন । জিলা প্ৰশাসন, আৱকাৰী বিভাগ আৰু আৰক্ষীৰ অভিযানত দমে দমে উদ্ধাৰ হৈছে বিলাতী সুৰাৰ কাৰ্টন(Abhayapuri News)।

এই ঘটনা যোগীঘোপাৰ কচুদোলা গাঁৱত । এক গোপন খবৰৰ ভিত্তিত সোমবাৰে নিশা কচুদোলা গাঁৱৰ মোহন দাসৰ ঘৰত আৰক্ষী আৰু আৱকাৰী বিভাগে সুৰাৰ বিৰুদ্ধে অভিযান চলায়। বঙাইগাঁও জিলা আয়ক্ত নৱদ্বীপ পাঠকৰ উপস্থিতিত জিলাখনৰ আবকাৰী বিভাগ ,যোগীঘোপা আৰক্ষী আৰু মাজেৰ আলগা নদী আৰক্ষীয়ে যৌথভাবে অভিযান চলায় ।

অভিযানত মোহন দাসৰ ঘৰৰ পৰা ৬৫ কাৰ্টন বিলাতী সুৰাৰ জব্দ কৰে । ইয়াৰ পিছত কাষতে থকা জতন দাস আৰু সুনিল দাসৰ ঘৰত অভিযান চলায় অভিযানকাৰী দলটোৱে। অভিযানত জতন দাস আৰু সুনিল দাসৰ ঘৰত আৰু গাঁতত দমে দমে মজুত কৰি ৰখা ৮৫ কাৰ্টন বিলাতী সুৰা উদ্ধাৰ কৰে।

আনকি কাষতে থকা সৰিয়হ খেতিৰ মাজত লুকাই ৰখা অৱস্থাত ১৮ কাৰ্টন বিলাতী সুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত মোহন দাসক আটক কৰাৰ লগতে জতন দাস আৰু সুনিল দাস পলায়ন কৰে। অভিযানত আৱকাৰী বিভাগে সৰ্বমুঠ ১৬৮ কাৰ্টন বিলাতী সুৰা জব্দ কৰে।

গাঁৱৰ মাজত এনেদৰে ঘৰৰ ভিতৰত, গাঁতত আৰু সৰিয়হ খেতিৰ মাজত লুকাই ৰখা অৱস্থাত বিলাতী সুৰা উদ্ধাৰ হোৱা ঘটনাই এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়। আৱকাৰী বিভাগে সন্দেহ কৰা মতে, বিলাতী সুৰাৰ ভৰ্তি এখন ট্ৰাক হাইজেক কৰিছিল। এনেদৰে ট্ৰাক হাইজেক কৰি বিলাতী সুৰা ঘৰত মজুত কৰি ৰখাৰ সন্দেহ।

ঘটনা সন্দৰ্ভত আৱকাৰী বিভাগ আৰু আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে। ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰাত অঞ্চলটোৰ ৰাইজে জিলা প্ৰশাসন আৱকাৰী বিভাগ আৰু আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক :Tragic road accident in Dergaon:অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন লোক