Abhayapuri News:মাহ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত পঞ্চায়ত কাৰ্য্যালয়
অভয়াপুৰী,১৬ডিচেম্বৰ:মাহ ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত পঞ্চায়ত কাৰ্য্যালয়। স্তদ্ধ হৈ পৰিছে কাৰ্য্যালয়ৰ কাম-কাজ।
বঙাইগাঁও জিলাৰ আমবাৰী-বাৰেগড় গাওঁ পঞ্চায়ত কাৰ্য্যালয়ে বিদ্যুৎ যোগান অব্যাহত ৰাখিবৰ বাবে ৰিছাৰ্জ নকৰাৰ ফলত বিদ্যুত যোগান বন্ধ হৈ থকা পৰিলক্ষিত হৈছে।
পূৰ্বৰ প্ৰায় ৪০ হেজাৰ টকা বিদ্যুত বিল অনাদায় হৈ আছে বুলি জানিবলৈ দিয়ে কাৰ্য্যালয়ৰ কৰ্মচাৰীয়ে(Abhayapuri News)।
পঞ্চায়ত খনৰ সচিৱ জনৰ অনিয়মীয়া উপস্থিতিয়ে পঞ্চায়ত খনৰ অন্তৰ্গত ৰাইজৰ কাম-কাজত যথেষ্ট প্ৰভাৱ পেলাইছে বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
লগতে পঢ়ক :Na Khowa festival celebrate: ন-খোৱাৰ আনন্দত মছগুল মৈজালীবাসী