Local, Vocal, Global

WATCH | Abhayapuri News : অভয়াপুৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট

অভয়াপুৰী,১৯জুন : অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে অভয়াপুৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে আমছুৰ দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন হয়।

আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈ ৰূপায়িত হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী(Abhayapuri News)।

প্ৰায় শতাধিক আমছুৰ সদস্যই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰ হায় হায়,অমানৱীয় উচ্ছেদ বন্ধ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগান ঘটনাস্থলী উত্তাল কৰি তোলে।

শেষত এখন স্মাৰক পত্ৰ অভয়াপুৰী সমজিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক :WATCH | Abhayapuri News : অভয়াপুৰী ৰাজ‍্যিক চিকিৎসালয়ত চলিছে কি?