Local, Vocal, Global

WATCH | Abhayapuri News : অত্যধিক গৰমৰ বাবে অসুস্থ ছাত্ৰী

অভয়াপুৰী,১০জুন : ৰাজ্যত অত্যধিক গ্ৰীষ্ম প্ৰবাহ। এই গ্ৰীষ্ম প্ৰবাহৰ ফলত আজি এজনী দশম শ্ৰেণীৰ ছাত্ৰী চিকিৎসাধীন হ’বলগীয়া হয়।

এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত পিৰাধৰা হাইস্কুলত।

বিদ্যালয় খনৰ দশম শ্ৰেণীৰ ছাত্ৰী আমিনা খাতুনে পঞ্চম পিৰিয়ডৰ সময়ত অত্যধিক গৰমৰ বাবে অসুস্থ হৈ পৰে(Abhayapuri News)।

ছাত্ৰীগৰাকীৰ উশাহ-নিশাহত কষ্ট, অত্যন্ত পেটৰ বিষত ছটফটাই থকাত পিছত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে অভয়াপুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

যোৱা কেইবাদিন ধৰি অত্যধিক গ্ৰীষ্ম প্ৰবাহ চলি থকাত প্ৰায় প্ৰতি দিনে ছাত্ৰ-ছাত্ৰীয়ে অসুস্থ হৈ আহিছে।

এই ক্ষেত্ৰত বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষক বিদ্যালয়ত পাঠদানৰ সময় সূচী পৰিৱৰ্তনৰ দাবী জনাইছে শিক্ষক – শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলে।

উল্লেখযোগ্য যে বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীয়ে হঠাতে অসুস্থ হৈ পৰিলে জৰুৰী কালিন সেৱা ১০৮ নং গাড়ীক ফোন কৰিলে ফোন কল ৰিচিপ নকৰাৰ অভিযোগ দীৰ্ঘদিনা।

লগতে পঢ়ক : WATCH | Utpal Sarma : বঙাইগাঁও জিলাৰ তুলুঙীয়াত আছুৰ কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ আছুৰ পতাকা উত্তোলন