WATCH | Abhayapuri News : সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসৰ তুলুঙিয়াত লাইখুটা স্থাপন
অভয়াপুৰী,১৮মে’ : সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস উদযাপনৰ বাবে আজি তুলুঙিয়াত লাইখুটা স্থাপন।
সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত,অভয়াপুৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু উত্তৰ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত আৰু ৰাইজৰ সহযোগত অহা ১০ জুনত তুলুঙিয়া প্ৰাথমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস উদযাপনৰ বাবে আজি আনুষ্ঠানিক ভাৱে লাইখুটা স্থাপন কৰা হয়(Abhayapuri News)।
পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ,আয়োতিৰ উৰুলি নাম দলৰ আৰু উপস্থিত ৰাইজৰ আকাশ- বতাহ কপোৱা হৰ্ষধ্বনিৰ মাজেৰে লাইখুটা স্থাপন কৰে বিশিষ্ট সমাজ কৰ্মী অমৃতভূষণ ফৌজদাৰে।
লাইখুটা স্থাপনৰ আগমূৰ্হুতত ছাত্ৰ সন্থাৰ কৰ্মী সমবেত ৰাইজে ওচৰতে থকা মা কালি মন্দিৰত উপস্থিত হৈ সেৱা জনায়।
ইয়াৰ পিছতেই উক্ত স্থানত কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস উদযাপনৰ বাবে অস্থায়ী কাৰ্যালয় শুভ উদ্বোধন কৰে তুলুঙিয়াস্থিত পণ্ডিত দীন দয়াল আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ফটিক চন্দ্ৰ কলিতাই।
উক্ত কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তুলিবলৈ সমুহ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ছাত্ৰ সংগঠনটোয়ে।
লগতে পঢ়ক :WATCH | Lumding News : মৰণ ফান্দত লামডিং কালীবাড়ি বজাৰ সংযোগী পথ