Local, Vocal, Global

WATCH | Abhayapuri News : বিহুৰ পূৰ্বে অসমীয়াৰ স্বাভিমানত আঘাত

অভয়াপুৰী,১০এপ্ৰিল : বিহুৰ পূৰ্বে অসমীয়াৰ স্বাভিমানত আঘাত।

অভয়াপুৰী এইবাৰ দুৰ্বৃত্তৰ টাৰ্গেট বিহুতলী।

দুৰ্বৃত্তই ছিঙি লণ্ডভণ্ড কৰিলে বিহুৰ তোৰণ(Abhayapuri News)।

দলিয়াই পেলালে অসমীয়াৰ স্বাভিমান জাপি আৰু গামোচা।

অভয়াপুৰীৰ নতুন দেওহাটী ৰঙালী বিহু সন্মিলনীত সংঘটিত হৈছে এই ঘটনা।

অহা ৩১ চ’ত, ১ ব’হাগ আৰু ২ ব’হাগত তিনিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু পালনৰ বাবে সাজু হৈছিল এই বিহু সন্মিলনীয়ে।

নিশা দুৰ্বৃত্তই লণ্ডভণ্ড কৰে মূল তোৰণখন।

গাঁওবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

পুৱাতেই ওলাই আহিল পুৰুষ মহিলা সকলো।

দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ বাবে দাবী।

বিহুৰ তোৰণ, জাপি আৰু গামোচাৰ ওপৰত কৰা অত্যাচাৰ কোনোপধ্যেই সহ্য কৰা নহ’ব বুলি জানিবলৈ দিয়ে আয়োজকে।

ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত।

সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আয়োজক সমিটিয়ে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰিছে।

লগতে পঢ়ক : WATCH | Moran News : মৰাণত গ্ৰামাঞ্চলৰ উন্নয়ণৰ প্ৰকৃত ছবি