Abhayapuri mag bihu: ভোগে সুখে ভোগালী !
অভয়াপুৰী,১০ জানুৱাৰী :ভোগালী মানেই ভোগৰ পয়োভৰ। বিভিন্ন সুস্বাদু খাদ্য দ্ৰব্যৰ ভৰি থকা আখল। জুতি লগা খাদ্য প্ৰস্তুতিৰ প্ৰতিযোগিতা। এনে ভোগৰ উৎসৱ ভোগালী সমাগত।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আখলত চলিছে ব্যস্ততা। ইয়াৰ ব্যতিক্ৰম নহয় বঙাইগাঁও জিলা ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত আখলত ব্যস্ত এজাক জীয়ৰী-বোৱাৰী।আধুনিকতাৰ ধামখুমীয়াত লুপ্তপ্ৰায় উৰল-গাইন, পুনৰ প্ৰাণ পাই উঠিছে এইসকল জীৱৰী- বোৱাৰীৰ স্পৰ্শত।দেহৰ সকলো দুখ- ভাগৰ আতৰাই ভোগৰ বতৰ ভোগালীতআত্মীয়-স্বজন, বন্ধু-বান্ধৱী , অতিথিক আপ্যায়ন কৰিবলৈ বিভিন্ন ধৰনৰ পৰম্পৰাগত সুস্বাদু পিঠা-পনা প্ৰস্তুত কৰিছে মহিলা সকলে। এই মুহূৰ্তত জীয়ৰী-বোৱাৰী সকলৰ ব্যস্ততাৰ অন্ত নাই। সমগ্ৰ ৰাজ্যৰ লগতে অভয়াপুৰীৰ অসমীয়াৰ আখলতো তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।