Local, Vocal, Global

AASU postponed its CAA agitation for HSLC examination : ৬ মাৰ্চলৈ ‘কা’ বিৰোধী আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত আছুৰ

নিউজ ডেস্ক, ৪ মাৰ্চ : ৬ মাৰ্চলৈ ‘কা’ বিৰোধী আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত আছুৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এই সিদ্ধান্ত আছুৰ । সোমবাৰৰে পৰা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ‘কা’ বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ সম্ভাৱনা আছিলে কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে আছুৱে আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত লয়(AASU postponed its CAA agitation for HSLC examination) ৷

জানিব পৰা মতে, ৭ মাৰ্চৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ’কা’ বিৰোধী আন্দোলন ৷

উল্লেখ্য যে, ২৯ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে গুৱাহাটীত আছু আৰু ৩০ টা জনজাতীয় সংগঠনৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত এই সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত আছুৰ মুখ্য উপদেষ্টাকে ধৰি ৩০ টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই এখন সংবাদমেল সম্বোধন কৰে আৰু ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ।

সেই অনুসৰি ৪ মাৰ্চ অৰ্থাৎ আজিৰে পৰা ৰাজ্যজুৰি ‘কা’ ৰ বিৰোধিতাৰে বাইক ৰেলীৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আছুসহ সংগঠনকেইটাই । প্ৰতিখন জিলাতে ‘কা’ ৰ বিৰোধিতাৰে এই বাইক ৰেলী কৰা হ’ব বুলি সংবাদমেলত উল্লেখ কৰিছিল(AASU postponed its CAA agitation for HSLC examination) ।

লগতে পঢ়ক :Kejriwal govt to give Rs 1000 monthly to women above 18 years : দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অভিলাসী ঘোষণা