Local, Vocal, Global

AASU Organizes Mass Bike Rally Against CAA Across Assam : তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৩০ টা জাতীয় সংগঠনৰ সহযোগত “কা” ৰ বিৰোধীতাৰে এক বিশাল বাইক ৰেলী

নিউজ ডেস্ক, ৭ মাৰ্চ : ৰাজ্যজুৰি CAA ৰ বিৰোধীতাৰে বিশাল বাইক ৰেলী। CAA ৰ বিৰুদ্ধে আছুকে আদি কৰি প্ৰায় ৩০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰে । প্ৰতিবাদী কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে আছুৰ উদ্য়োগত উলিওৱা হয় বাইক ৰেলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছু নেতাসকলে CAA বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে আকাশ-বতাহ(AASU Organizes Mass Bike Rally Against CAA Across Assam) ।

সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তথা ৩০ টা জাতীয় সংগঠনৰ সহযোগত “কা” ৰ বিৰোধীতাৰে এক বিশাল বাইক ৰেলী উলিয়ায়।

আজিৰ এই বাইক ৰেলীত জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত শতাধিক আছু নেতাই চৰকাৰ বিৰোধী শ্লোগান দি সমগ্ৰ তামুলপুৰ জিলা পৰিভ্ৰমণ কৰে।

বাইক ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিবাদী আছু নেতা সকলে- অসম চুক্তি ৰূপায়ণ কৰক, কা আমি নামানো, আমি অসমীয়াই কা নামানো, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, তামুলপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায়-হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ, গৃহ মন্ত্ৰী হুচিয়াৰ, মুখ্যমন্ত্ৰী হুচিয়াৰ, আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কপাই তোলে।

লগতে পঢ়ক : Fire breaks out at residential society in Greater Noida : বিধ্বংসী অগ্নিকাণ্ড; দাউ দাউকৈ জ্বলি উঠিল দুটাকৈ সুউচ্চ অট্টালিকা