AASU Organizes Mass Bike Rally Against CAA Across Assam : ৰাজ্যজুৰি CAA ৰ বিৰোধীতাৰে বিশাল বাইক ৰেলী

নিউজ ডেস্ক, ৭ মাৰ্চ : ৰাজ্যজুৰি CAA ৰ বিৰোধীতাৰে বিশাল বাইক ৰেলী। CAA ৰ বিৰুদ্ধে আছুকে আদি কৰি প্ৰায় ৩০ টা জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদী কাৰ্যসূচী আহ্বান কৰে । প্ৰতিবাদী কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰে আছুৰ উদ্য়োগত উলিওৱা হয় বাইক ৰেলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছু নেতাসকলে CAA বিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে আকাশ-বতাহ(AASU Organizes Mass Bike Rally Against CAA Across Assam) ।
সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে লখিমপুৰত জিলা “কা” ৰ বিৰোধীতাৰে এক বিশাল বাইক ৰেলী উলিয়াই। আজিৰ এই বাইক ৰেলীত জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত শতাধিক আছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগান দি সমগ্ৰ লখিমপুৰ জিলা পৰিভ্ৰমণ কৰে।
CAA আমি নামানো, কেন্দ্রীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, অসমত কা বলবৎ কৰিবলৈ দিয়া নহ’ব আদি শ্ল’গান দি উলিওৱা এই বাইক ৰেলীয়ে নগৰখন উত্তাল কৰি তোলে(AASU Organizes Mass Bike Rally Against CAA Across Assam) ।
লখিমপুৰৰ সমান্তৰালকৈ নগাঁও, তিনিচুকীয়া, নলবাৰী, চিৰাং, মাজুলীকে আদি কৰি সৰ্বত্ৰে শ শ আছু নেতা-কৰ্মীয়ে বাইক ৰেলী বাহিৰ কৰি CAA বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে । অসমত কোনো কাৰণত কা বলবৎ হবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে আছুৰ কৰ্মকৰ্তাসকলে । CAA শীঘ্ৰে বাতিল নকৰিলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী আছু কৰ্মীসকলে ।