AASU begins 12-hour hunger strike against CAA in Sonari : সোণাৰিত ‘কা’ বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন আছুৰ
সোণাৰি, ১০ মাৰ্চ : ৰাজ্যত বিভিন্ন প্ৰান্তত ‘কা’ বাতিলৰ দাবীত আছুৰ অনশন । সোণাৰিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে প্ৰতিবাদ(AASU begins 12-hour hunger strike against CAA in Sonari) ।
আজি চৰাইদেউ সোণাৰিত ‘কা’ বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন আছুৰ। পুৱা ৬-০০ বজাৰ পৰা সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হৈছে অনশন কাৰ্যসূচী।
সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সোণাৰিত ৰূপায়ন কৰা অনশনত অংশগ্ৰহণ কৰিছে ছাত্ৰ-কৰ্মীসকলে। নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ ৰ জৰিয়তে চৰকাৰে জাতিধ্বংসী পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ।আনহাতে অগণতান্ত্ৰিক আইন বুলি উল্লেখ কৰি আছুৱে এই আইনখন শীঘ্ৰেই বাতিল নকৰাপৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে(AASU begins 12-hour hunger strike against CAA in Sonari)।