Local, Vocal, Global

পঞ্জাৱত আপৰ বিজয় উদযাপন- অমৃতসৰত অৰবিন্দ কেজৰিয়াল, ভগৱন্ত মানৰ বিশাল ৰেলী

নিউজ ডেস্ক,১৩ মাৰ্চঃ দেওবাৰে পঞ্জাৱত বিজয় ৰেলীত অংশগ্ৰহণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
পঞ্জাৱত আপে বিজয় সাব্যস্ত কৰাৰ পিছতেই অমৃতসৰৰ এই বিজয় ৰেলীত অংশগ্ৰহণ কৰে অৰবিন্দ কেজৰিয়াল, ভগৱন্ত মান, আপৰ শীৰ্ষ নেতাসকল।
যিহেতু এইবাৰ আপে পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিছে।


উল্লেখ্য যে, ৯২খন আসন দখলেৰে পঞ্জাৱৰ আসন লাভ কৰা আপে ইতিমধ্যে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে।
আপৰ প্ৰাৰ্থীসকলে ৰাজ্যখনৰ কেইবাজনো শীৰ্ষ অভিজ্ঞ নেতা যেনে কংগ্ৰেছৰ নৱজ্যোত সিং সিদ্ধু, পাঁচবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত থকা প্ৰকাশ সিং বাদল আৰু অকালি দলৰ বিক্ৰম সিং মাজিথিয়া আদি নেতাসকলক পৰাস্ত কৰে । দিল্লীৰ পিছত দলটোৱে জয়লাভ কৰা এইটো প্ৰথম বিধানসভা নিৰ্বাচন।

ইয়োৰোপৰি আপে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাৰ বিধানসভা নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিছিল যদিও সুফল লাভ কৰা নাছিল