ডিব্ৰুগড়ত আপৰ চাফাই অভিযান
নিউজ ডেস্ক: স্বচ্ছতাক লৈ সজাগতা অভিযান আম আদমি পাৰ্টীৰ। আপৰ সহ-সমন্বয়ক মনোজ ধানোৱাৰৰ নেতৃত্বত ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটত আপে চাফাই অভিযান চলাই৷ পুৱাৰ ভাগতে আপৰ কৰ্মীসকলে হাতে হাতে ঝাড়ু লৈ চাফাই চলাই সজাগতা সৃষ্টি কৰে। বিজেপি নেতৃত্বাধীন ডিব্ৰুগড় পৌৰসভাই চহৰখনৰ স্বচ্ছতা অনাৰ ক্ষেত্ৰত চৰম ব্যৰ্থতাৰ অভিযোগ আপৰ নেতা মনোজ ধানোৱাৰে। পৌৰ কৰ বৃদ্ধিৰে সাধাৰণ ৰাইজক মাধমাৰ শোধোৱা বিজেপি চৰকাৰখনক কঠোৰ সমালোচনা। পাৰ্কিং মাচুল, পানীৰ কৰ বা আন পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে আইনৰ কাষ চপাৰো সকীয়নি দিলে আপে।