Local, Vocal, Global

AAP Says Arvind Kejriwal Unwell, Lost 4.5 Kg In Jail : কাৰাগাৰত বন্দী কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি

নেশ্যনেল ডেস্ক,৩মাৰ্চ : সুৰা কেলেংকাৰী গোচৰত তিহাৰ কাৰাগাৰত বন্দী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল(AAP Says Arvind Kejriwal Unwell, Lost 4.5 Kg In Jail) ।

কাৰাগাৰত বন্দী থকা কেজৰিৱালৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিছে বুলি দাবী কৰিছে আম আদমি পাৰ্টিয়ে। দলটোৱে প্ৰকাশ কৰা মতে কেজৰিৱালে এই কেইটান দিনতে ৪ কেজি ওজন হ্ৰাস পাইছে।

উল্লেখ্য যে, ৬০০কোটি টকাৰ সুৰা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ । ইয়াৰ পিছতে প্ৰথমে ৯বাৰকৈ ইডিয়ে চমন দিয়াৰ পাছতো অৰবিন্দ কেজৰিৱাল উপস্থিত হোৱা নাছিল ED ৰ কাৰ্যলয়ত তাৰ পিছতে ইডিয়ে ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক(Excise Policy Case)।

তাৰ পাছৰ পৰাই তেওঁৰ শাৰীৰিক অৱস্থা দুৰ্বল হৈ পৰে। এই কেইটা দিনতে তেওঁৰ চাৰি কেজিতকৈ অধিক ওজন হ্ৰাস পায়।অৱশ্যে তিহাৰ জে’ল কৰ্তৃপক্ষই দাবী কৰিছে সুস্থ হৈ আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কাৰাগাৰৰ চিকিৎসকেও কেজৰিৱালৰ স্বাস্থ্যক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি দাবী কৰিছে(AAP claims Arvind Kejriwal lost 4.5 kg weight, Tihar Jail sources deny)।

জানিব পৰা মতে, আপৰ দাবী কেজৰিৱালৰ তেজৰ শৰ্কৰাৰ মাত্ৰা উঠা,নমা কৰিছে। ইয়োৰোপৰি তেওঁৰ আছে ডায়বেটিকৰ অসুবিধা। তেওঁৰ শৰীৰ অৱস্থা পৰ্যবেক্ষণত আছে চিকিৎসকৰ।

লগতে পঢ়ক : Gangster opens fire on police near GMC Kathua : ভয়ংকৰ গুলীচালনাৰ ঘটনা;আৰক্ষীৰ গুলীত নিহত গেংষ্টা