Local, Vocal, Global

AAP leaders protest outside Parliament against Delhi CM Arvind Kejriwal’s arrest : “অৰবিন্দ কেজৰিৱাল জিন্দাবাদ” ধ্বনিৰে উত্তাল সংসদ ভৱনৰ চৌহদ

নেশ্যনেল ডেস্ক,২৭জুন : “অৰবিন্দ কেজৰিৱাল জিন্দাবাদ” ধ্বনিৰে উত্তাল সংসদ ভৱনৰ চৌহদ ৷ বৃহস্পতিবাৰে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ লগতে অন্যান্য দলীয় নেতা-কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্বে সঞ্জয় সিঙে কয় যে, তেওঁ ৰাষ্ট্ৰপতিৰ ভাষণ বৰ্জন কৰিব ৷ কিয়নো এয়া চৰকাৰৰ দ্বাৰা লিখিত এটা ভাষণৰ প্ৰতিলিপিহে, যিটো মহামান্য ৰাষ্ট্ৰপতিয়ে মাথোন পঢ়িহে শুনাইছে ৷ সমান্তৰালকৈ সঞ্জয় সিঙে ৰাজ্যসভাৰ পৰা তেওঁৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে উপ-ৰাষ্ট্ৰপতিক(AAP leaders protest outside Parliament against Delhi CM Arvind Kejriwal’s arrest)৷

বৃহস্পতিবাৰে অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালেও সামাজিক মাধ্যম এক্সত লিখিছিল , “এতিয়ালৈকে এয়া সদায় প্ৰাৰ্থনা কৰি আহিছো যে ঈশ্বৰে সকলোকে সদিচ্ছা প্ৰদান কৰক । কিন্তু এতিয়া প্ৰাৰ্থনা হ’ব যে স্বৈৰশাসকসকল ধ্বংস হওঁক ।”

একে সময়তে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও কেজৰিৱালৰ ফটো শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে, “এই ছবিখন স্বৈৰশাসনৰ বিৰুদ্ধে সংগ্ৰামৰ ৷” ইডিৰ আদালতৰ পৰা জামিন লাভ কৰাৰ পিচত চি বি আয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাটো একমাত্ৰ বিজেপিৰ নিৰ্দেশতে হোৱা বুলিও স্পষ্টকৈ প্ৰকাশ কৰে ভগৱন্ত মানে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া ক্ষমতাৰ অপব্যৱহাৰ বুলিও আখ্যা দিয়ে ৷

স্মৰ্তব্য যে, সুৰা কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত অৰবিন্দ কেজৰিৱালক চলিত বছৰৰ ২১ মাৰ্চত নতুন দিল্লীস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা ই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে তদন্তকাৰী সংস্থাটোৱে কেজৰিৱাললৈ সোধা-পোছাৰ বাবে ৯ বাৰকৈ জাৰি কৰিছিল চমন । কিন্তু কেজৰিৱালে ইয়াক উপেক্ষা কৰি কেতিয়াও উপস্থিত হোৱা নাছিল ই ডিৰ কাৰ্যালয়ত । পৰৱৰ্তী সময়ত ই ডিয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে ।

ইয়াৰ পিচত চিবিআয়ে ২০২২ চনৰ ১৬ আগষ্টত সুৰা নীতি কেলেংকাৰীৰ সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰি কেজৰিৱালক বুধবাৰে গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি চি বি আইৰ জিম্মাত আছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ নেতাগৰাকী ।

লগতে পঢ়ক : J P Nadda Appointed Leader of House in Rajya Sabha : জে পি নাড্ডাক ৰাজ্যসভাত সদনৰ নেতা হিচাপে নিযুক্তি