AAP Leaders Joins BJP : শনিবাৰে বিজেপিৰ গুৱাহাটীৰ বাজপেয়ী ভৱনত বৃহৎ যোগদান কাৰ্যসূচী

নিউজ ডেস্ক, ১৬ মাৰ্চ : শনিবাৰে বিজেপিৰ গুৱাহাটীৰ বাজপেয়ী ভৱনত বৃহৎ যোগদান কাৰ্যসূচী । যোগদান অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লবৰুৱা( AAP Leaders Joins BJP) ।
শনিবাৰে বিজেপিত যোগদান কৰে কংগ্ৰেছ ত্যাগী দাদু টায়ে, লগতে আপৰ পৰা পদত্যাগ কৰা আপৰ উপ-সভাপতি জিতুল ডেকা আৰু আপৰ মুখপাত্ৰ সুশান্ত নাথ আৰু গোলাঘাট কংগ্ৰেছৰ সম্পাদক মনোজ বৰুৱাই ।
শনিবাৰে আপৰ উপ-সভাপতি জিতুল ডেকা আৰু আপৰ মুখপাত্ৰ সুশান্ত নাথে পাৰ্টীৰ পৰা পদত্যাগ কৰিছিল । আপ, অসমৰ সক্ৰিয় নেতা হিচাপে পৰিচিত আছিল আপৰ উপ-সভাপতি জিতুল ডেকা ।
উল্লেখযোগ্য যে, আপে শুকুৰবাৰে গুৱাহাটীৰ পৰা দলৰ সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে ৰহস্যজনকভাবে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছতে আজি দলত পদত্যাগৰ জোৱাৰ আৰম্ভ হয় । জানিব পৰা মতে আপৰ তিনিজনমান নেতাই অসন্তুষ্ট হৈ পদত্যাগ কৰাৰ যো-জা চলাই আছে ( AAP Leaders Joins BJP)।