Local, Vocal, Global

AAP leaders go door-to-door to invite people to March 31 ‘mega’ rally : ৩১ মাৰ্চত দিল্লীত আম আদমি পাৰ্টীৰ বৃহৎ ৰেলী

নেশ্যনেল ডেস্ক,৩০মাৰ্চ : ৩১ মাৰ্চত দিল্লীত হ’ব কংগ্ৰেছ, আম আদমি পাৰ্টী আৰু অন্যান্য বিৰোধী দলসমূহৰ বৃহৎ ৰেলী । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে হ’ব এই ৰেলী।এই ৰেলীত অংশগ্ৰহণ কৰিব ‘ইণ্ডিয়া’ ব্লকৰ সকলো দলে(INDIA bloc’s mega rally on March 31 over Arvind Kejriwal’s arrest) ।দেওবাৰে এক যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰে ।

কেজৰিৱালক গ্ৰেপ্তাৰৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এই ৰেলীক লৈ দিল্লীত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । শুকুৰবাৰে আম আদমি পাৰ্টীৰ নেতাসকলে লোকসকলক ৰেলীলৈ নিমন্ত্ৰণ জনাইছে । ঘৰে ঘৰে গৈ এই ৰেলীত অংশগ্ৰহণৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰিছে ।

আপৰ দিল্লীৰ আহ্বায়ক গোপাল ৰায়ে কেইবাজনো দলীয় কৰ্মীৰ সৈতে কেন্দ্ৰীয় দিল্লীৰ ৰেগৰপুৰা আৰু কৰোল বাগ অঞ্চলত লোকসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকক ৰামলীলা ময়দানত বৃহৎ ৰেলীত যোগদান কৰিবলৈ আহ্বান জনায়(AAP leaders go door-to-door to invite people to March 31 ‘mega’ rally) ।

ৰায়ে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰাৰ দিনৰে পৰা মানুহ মাজত ক্ষোভ দেখিবলৈ পোৱা গৈছে । তেওঁ কয় যে আপৰ নেতাসকলে ঘৰে ঘৰে গৈ নিমন্ত্ৰণী পত্ৰ বিতৰণ কৰিছে আৰু ৰাইজক ৰামলীলা ময়দানলৈ আহি গণতন্ত্ৰ আৰু একনায়কত্ববাদৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে মাত মাতিবলৈ আহ্বান জনাইছে(AAP plans mega rally, INDIA bloc to attend) ।

ইফালে আপৰ বিধায়ক সোমনাথ ভাৰতীয়ে অভিযোগ কৰি কয় যে তেওঁ আৰু সহযোগী নেতা বীৰেন্দ্ৰ কাদিয়ানক দিল্লী কেণ্ট অঞ্চলত ৰেলীলৈ লোকসকলক নিমন্ত্ৰণ জনোৱাৰ সময়ত আৰক্ষীয়ে বাধা দিছে ।

আৰক্ষীয়ে ধাৰা ১৪৪ৰ অজুহাত দেখুৱাইছিল । তেওঁৰ মতে বিজেপিয়ে প্ৰথমে আম আদমি পাৰ্টীৰ শীৰ্ষ নেতাসকলক কাৰাগাৰলৈ লৈ যাব বিচাৰে আৰু তাৰ পিচত আপৰ প্ৰাৰ্থীসকলক নিৰ্বাচনৰ প্ৰচাৰত বাধা দিব বিচাৰে ।

লগতে পঢ়ক : 22-Year-Old Man Dies After Falling Under Brick Kiln : ইটা ভাটাত জুই লগাবলৈ গৈ মৃত্যু যুৱকৰ