অহা ২৯ মে’ত অসমলৈ আহিব আপৰ মূৰব্বী অৰবিন্দ কেজৰিয়াল

নিউজ ডেস্ক, ৭ মে’- অসমত আপৰ সম্প্ৰসাৰণৰ বাবে অহা২৯ মে’ত গুৱাহাটীলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুখ্য সমন্বয়কগৰাকী। গুৱাহাটীলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশ ল’ব কেজৰিয়ালে। বিশেষকৈ এটা বিশাল ৰ’ড শ্বত অংশ ল’ব দিলীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আমি আদমী পাৰ্টীয়ে এটা ৱাৰ্ডত জয়লাভ কৰাৰ উপৰিও ২৪টা ৱাৰ্ডত দ্বিতীয় স্থানত আছিল।
উল্লেখযোগ্য যে, প্ৰায় ৪,৪০,০০০ ভোটেৰে কংগ্ৰেছৰ পিছতে তৃতীয় স্থানত আছিল দলটো। দলটোৰ এনে অপ্ৰত্যাশিত উত্থান দেখি ৰাইজৰ দলৰ কমল কুমাৰ মেধিকে ধৰি কংগ্ৰেছৰ মনোজ ধানৱাৰে আপত যোগদান কৰিছিল।