Local, Vocal, Global

AAP appoints Manoj Dhanovar as party president for Assam : মনোজ ধানোৱাৰক আম আদমি পাৰ্টী অসমৰ সভাপতি হিচাপে নিযুক্তি

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ : মনোজ ধানোৱাৰক আম আদমি পাৰ্টীয়ে অসম প্ৰদেশৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰে । লগতে প্ৰাক্তন ৰাজ্যিক সভাপতি ভবেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সচিব হিচাপে নিযুক্তি প্ৰদান কৰিছে(AAP appoints Manoj Dhanovar as party president for Assam) ।

উল্লেখ্য যে, শেহতীয়াকৈ লোকসভা নিৰ্বাচনত অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মনোজ ধানোৱাৰে । অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে সমষ্টিটোৰ পৰা বিজয়ী হয় । অসমৰ আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আপে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । অসমত দলৰ ভেঁটি শক্তিশালী কৰাৰ ক্ষেত্ৰত দলে তেওঁৰ পৰা বিশেষ আশা কৰাও দেখা গৈছে ।

লগতে পঢ়ক :Tiger terror in Kaliabor : কলিয়াবৰৰ হাতীমূৰাত বাঘৰ সন্ত্ৰাস