Local, Vocal, Global

বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিব আম আদমী পাৰ্টি

নিউজ ডেক্স,১৬জুলাই : ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ পূৰ্বেই আম আদমী পাৰ্টিৰ বৃহৎ ঘোষণা।

শনিবাৰে AAP ৰ ৰাজ্য সভাৰ সাংসদ সঞ্জয় সিঙে স্পষ্ট কৰি দিয়ে যে বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিব দলটোৱে।

উল্লেখ্য যে , আগন্তুক নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আম আদমী পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ (পিএচি) এখন বৈঠক আহ্বান কৰা হৈছিল।

পিএচিৰ বৈঠকত অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া, সঞ্জয় সিং, গোপাল ৰায়, আতিশী মাৰ্লেনা, ৰাঘৱ চাধা, ইমৰান হুছেইন আৰু ৰাখী বিৰলাকে ধৰি আম আদমী দলৰ ১১ জন সদস্য উপস্থিত আছিল।

বৈঠকৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি আপৰ ৰাজ্যসভাৰ সদস্য সঞ্জয় সিঙে কয় যে, “আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অধ্যক্ষতাত দলটোৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয় যে ৰাষ্ট্ৰপতি পদৰ বাবে এই নিৰ্বাচনত আমি বিৰোধী প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিম।”