Local, Vocal, Global

প্ৰথমবাৰলৈ অসমত এটা ৱাৰ্ডত জয় লাভ কৰিবলৈ সক্ষম আম আদমী পাৰ্টীৰ

নিউজ ডেস্ক, ৯ মাৰ্চঃ আজি ঘোষণা কৰা হৈছে পৌৰসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিৰ হাতত বিধ্বস্ত হ’ল কংগ্ৰেছ।তাৰ মাজতে পৌৰসভাৰ এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে আম আদমী পাৰ্টী।
লখিমপুৰৰ ১৪ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থীক পৰাস্ত কৰি জয়লাভ কৰিছে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী উদিতা দাসে। লখিমপুৰৰ পৌৰসভাত আম আদমী পাৰ্টীয়ে তিনিটা ৱাৰ্ডত দিছিল প্ৰাৰ্থী। তাৰে ভিতৰত এটা ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে এটা ৱাৰ্ডত দ্বিতীয় স্থানত থাকিবলৈ সক্ষম হৈছে।


উল্লেখ্য যে, লখিমপুৰৰ চাৰিখন পৌৰসভাৰ তিনিখন বিজেপিয়ে দখল কৰিছে। ঢকুৱাখনা,বিহপুৰীয়া আৰু লখিমপুৰ পৌৰসভা বিজেপিয়ে দখল কৰাৰ বিপৰীতে  নাৰায়ণপুৰ কংগ্ৰেছৰ দখলত।

আনহাতে পৌৰসভা নিৰ্বাচনত এইবাৰ বিজেপিৰ ছুনামীত একেবাৰে বিধ্বস্ত হ’ল বিৰোধী। ভোটগণনা হোৱা ৮০খন ৱাৰ্ডৰ ভিতৰত বিজেপি মিত্ৰজোঁটে ৭৭ খন ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে মাত্ৰ ১খন ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে নিৰ্দলীয়ই দখল কৰিছে ২খন ৱাৰ্ড।